ETV Bharat / state

অম্লান বৰাঃ নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত নিযুক্ত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত

author img

By

Published : Jun 5, 2019, 9:19 PM IST

বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত অম্লান বৰাই ছাত্ৰ ছাত্ৰীয়ে শিক্ষা, উদ্যোগ আৰু মনোবিজ্ঞান এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দি আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে । তাৰোপৰি টীয়কক প্লাষ্টিক মুক্ত জিলা হিচাপে বিশ্বৰ আগত যাতে পৰিচয় দিব পাৰে তাৰবাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

শ্ল'গানেৰে নহয়,কামেৰেহে দেশক আগবঢ়াওকঃ বিনিয়োগ আয়ুক্ত অম্লান বৰা

যোৰহাট, 5জুনঃ অসম তথা টীয়কৰ সু-সন্তান নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে নিযুক্ত অম্লান বৰা ৰজাবাৰীৰ নীলমনি ফুকন বালিকা হাইস্কুলৰ শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৷ সেই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে অম্লান বৰাই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷

ETV BHARAT ASSAM

টীয়কৰ নীলমনি ফুকন বালিকা হাইস্কুলত আয়োজিত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত বিনিয়োগ আয়ুক্ত অম্লান বৰাই ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ,উদ্যোগ , আৰু মনোবিজ্ঞান এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দি আগ বাঢ়িবলৈ পৰামৰ্শ দিয়ে ৷ তেঁও কয় যে, ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাক এখন চাৰ্টিফিকেটৰ মাজত সীমাবদ্ধ কৰি নিজৰ সংস্থাপনৰ বাবেহে শিক্ষা গ্ৰহণ কৰে কিন্তু তেনে মনোবৃত্তি পৰিহাৰ কৰিব লাগে বুলি মন্তব্য কৰে । উদ্যোগিক মানসিকতা গঢ় দি আমি যদি আগবাঢ়ো তেনেহলে নিজৰ অৰ্থনীতিৰ লগতে আন এচাম লোককো কৰ্ম সংস্থানৰ বাট মুকলি কৰি দিয়াত সহায়ক হয় বুলি মন্তব্য বৰাৰ । লগতে ছচিয়েল মেডিয়া সঠিক পথত আগবাঢ়িব পৰা নাই বুলি আক্ষেপ কৰি তেঁও ছচিয়েল মিডিয়াৰ ইতিবাচক দিশত সদ ব্যৱহাৰৰ বাবে ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় ৷ তদুপৰি শ্ল'গানেৰে দেশক ভাল পোৱা নুবুজায় বুলি কোৱাৰ লগতে কামেৰেহে দেশৰ প্ৰগতিত অৰিহণা যোগায় বুলি মন্তব্য দিয়ে ৷ তেখেতে টীয়কক প্লাষ্টিক মুক্ত জিলা হিচাপে বিশ্বৰ আগত পৰিচয় দিবলৈ সকলোকে আহ্বান জনাই । তাৰোপৰি ব্যক্তিয়ে সুংগঠিত হৈ,এক লক্ষ্য উদ্দেশ্যৰে কাম কৰি, এটা সুস্থ পৰিৱেশ গঠনৰ জৰিয়তে এটা অঞ্চলৰ সৰ্বাংগীন বিকাশ সাধনৰ পৰামৰ্শ আগবঢ়ায় ৷ ইয়াৰ উপৰিও পুঁথিভৰাল গঠনত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক অনুৰোধ জনায় অম্লান বৰাই ৷

লগতে আন এটা বাতৰি- বিশ্ব পৰিবেশ দিৱসত বৃক্ষ ৰোপণ কাৰ্যসূচী

Intro:Body:টীয়কত নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতৰ বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত অম্লান বৰা
TEOK: অসম তথা টীয়কৰ সু-সন্তান নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে নিযুক্ত অম্লান বৰাই বুধবাৰে টীয়কৰ ৰজাবাৰীৰ নীলমনি ফুকন বালিকা হাইস্কুলত আয়োজিত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৰাই তেওঁৰ ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীয়ে ৩ টা বিষয়ৰ ওপৰত গুৰুত্ব দি আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায় ৷শিক্ষা ,উদ্যোগ , মানসিকতা এই তিনিটা দিশত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ তেঁও কয় যে শিক্ষাক এখন চাৰ্টিফিকেটৰ মাজত সীমাবদ্ধ কৰি আমি আনক দায়িত্ব দিঁও নিজৰ বাদে সংস্থাপন বিচাৰি ৷ তেনে মনোবৃত্তিক পৰিহাৰ কৰি উদ্যোগিক মানসিকতা গঢ় দি আমি আশে পাশে চাই বিপদৰ মাজেৰে এটা মূল্য আয়ত্ব কৰা হে বিচাৰ্য বিষয় বুলি উল্লেখ কৰে ৷ছচিয়েল মেডিয়া সৱল নাই হোৱা বুলি আক্ষেপ প্ৰকাশ কৰি তেঁও ছচিয়েল মিডিয়াৰ ইতিবাচক দিশত সৱল ব্যৱহাৰৰ মত পোষণ কৰে ৷ তদুপৰি এটা শ্ল'গানেৰে দেশক ভাল পোৱা নুবুজায় বুলি কোৱাৰ লগতে কামেৰেহে দেশক ভাল পোৱাক সূচায় বুলি মত দিয়ে ৷ তেখেতে টীয়কক প্লাষ্টিক মুক্ত ঠাই হিচাপে বিশ্বৰ আগত পৰিচয় দিব পৰাকৈ গঢ় দিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ ব্যক্তিয়ে সুংগঠিত হৈ উদ্দেশ্য এক কৰি কাম কৰি এটা সুস্থ পৰিৱেশ গঠনৰ জৰিয়তে এটা অঞ্চলৰ সৰ্বাংগীন বিকাশ সাধনৰ পৰামৰ্শ আগবঢ়ায় ৷ ইয়াৰ উপৰিও পুঁথিভৰাল গঠনত গুৰুত্ব দিবলৈ অনুৰোধ জনায় ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.