ETV Bharat / state

অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ আদিবাসী ছাত্ৰ সন্থা

author img

By

Published : Oct 7, 2020, 3:09 PM IST

সম্প্ৰতি প্ৰচাৰ অব্যাহত থকা গ্লেমাৰ সমৃদ্ধ ক্ৰিকেট খেল আইপিএল-ক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰে একপ্ৰকাৰ মুকলিকৈ অব্যাহত আছে জুৱা ৷ জুৱাৰ সমানে সমানে যোৰহাটৰ টীয়কত চুলাই মদৰ পয়োভৰ ঘটাত সচেতন হৈ উঠিছে আদিবাসী ছাত্ৰ সন্থা ৷ সন্থাটোৱে এনে কিছু অ-সামাজিক কাৰ্যকলাপ ৰোধ কৰিবৰ নিমিত্তে ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷

All Indigenous Students Association against anti social activities Teok Jorhat assam Etv bharat news
স্মাৰকপত্ৰ প্ৰদান

টীয়ক,7 অক্টোবৰ: গ্লেমাৰ সমৃদ্ধ বহু প্ৰত্যাশিত ক্ৰিকেট খেল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ আৰম্ভ হোৱাৰ লগে লগে ক্ৰিকেটপ্ৰেমীৰ মাজত সৃষ্টি হৈছে একপ্ৰকাৰ আলোড়ন ৷ ক্ৰিকেটপ্ৰেমী বিশেষকৈ নৱপ্ৰজন্ম ব্যস্ত হৈ পৰিছে খেল উপভোগ কৰাত ৷ এই আইপিএলক কেন্দ্ৰ কৰি এচাম দুষ্টচক্ৰই আৰম্ভ কৰিছে বৃহৎ জুৱা ৷ যোৰহাটতো আইপিএলৰ নামত আৰম্ভ হোৱা জুৱাৰ কবলত পৰিছে বহু লোক ৷ বিশেষকৈ জিলাখনৰ মৰিয়নী,তিতাবৰ,টীয়ক,নকচাৰী আদি অঞ্চলত এতিয়া পুৰুষ-মহিলা,ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰতিষ্ঠিত ব্যৱসায়ী,চাকৰিয়াল আদি অধিকাংশ ব্যক্তিয়েই নামি পৰিছে অনলাইন জুৱা খেলত ।

প্ৰাপ্ত তথ্য অনুসৰি,মৰিয়নী চহৰৰ পৰা চলা এই বৃহৎ জুৱাৰ চক্ৰটোৱে জিলাখনৰ বিভিন্ন স্থানত এজেণ্টৰ যোগেদি সংগ্ৰহ কৰে ধন ৷ পৰৱৰ্তী সময়ত এই জুৱাত বিজয়ী হোৱা লোকসকলক অনলাইনযোগে প্ৰদান কৰে ধন ৷ ইতিমধ্যে এই চক্ৰটোৱে নিশাৰ ভিতৰতে অধিক ধন লাভৰ আশাত পতা জালত লক্ষাধিক টকা উপাৰ্জনৰ উদ্দেশ্যেৰে অন্তৰ্ভুক্ত হোৱা বহু পৰিয়াল সৰ্বস্বান্ত হোৱাৰো উপক্ৰম ঘটিছে ৷ এই খেল প্ৰশাসনৰ চত্ৰছায়াত চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই ।

এই সমগ্ৰ বিষয়টোৰ উচিত তদন্ত বিচাৰি টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে । ইয়াৰোপৰি আদিবাসী ছাত্ৰ সন্থাই বিগত সময়ছোৱাত বহুবাৰ বিশেষকৈ চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত প্ৰচলিত চুলাই মদৰ বেহা বন্ধ কৰিবলৈ বাৰম্বাৰ প্ৰশাসনক দাবী জনাই আহিছে যদিও এইপৰ্যন্ত কোনো সুফল লাভ নকৰাত পুনৰ এক স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

লগতে চাওকঃ অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.