ETV Bharat / state

পি এম কিষাণ সন্মান নিধি আঁচনিত নামভৰ্তি খৰতকীয়া কৰাৰ নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Jun 7, 2022, 6:50 AM IST

যোৰহাটত পি এম কিষাণ সন্মান নিধি আঁচনি সন্দৰ্ভত বৈঠক কৃষিমন্ত্ৰী অতুল বৰাৰ (Agriculture Minister Atul Bora at Jorhat)৷ উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে এতিয়ালৈ এই আঁচনিত নামভৰ্তি হ'বলৈ বাকী থকা কৃষকসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সংশ্লিষ্ট বিষয়াক আহ্বান জনায় ৷

As_jrt_6jun_agri_minester_atul_bora_meet_image_AS10039
পি এম কিষান সন্মান নিধি আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৃষিমন্ত্ৰী অতুল বৰাৰ

যোৰহাট, 7 জুন : সোমবাৰে যোৰহাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত কৃষিমন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কাম-কাজৰ অগ্ৰগতি আৰু শেহতীয়া স্থিতি সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ লগত পৰ্যালোচনা কৰে (Atul Bora on PM Kisan Samman Nidhi Scheme ) ৷ উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈ এই আঁচনিত নামভৰ্তি হ'বলৈ বাকী থকা কৃষকসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সংশ্লিষ্ট বিষয়াক আহ্বান জনায় ৷

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে গাঁওপঞ্চায়ত আৰু কৃষি উন্নয়নৰ সৈতে জড়িত সমাজসেৱী অনুষ্ঠানসমূহৰ সহযোগত গাঁওসমূহত এই আঁচনিৰ বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷ তাৰোপৰি পি এম কিষাণ সন্মান নিধি আঁচনিৰ ক্ষেত্ৰত বৈদ্যুতিন( কম্পিউটাৰ) কাম-কাজসমূহ শীঘ্ৰে ত্বৰান্বিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰি প্ৰয়োজন হ'লে ঠিকাভিত্তিক কৰ্মচাৰী নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আদি কৃষি বিভাগৰ অন্যান্য আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়েও এই সভাত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে (Review meeting on PM Kisan Samman Nidhi Scheme) ৷

সভাত অতিৰিক্ত উপায়ুক্তদ্বয় সত্যজিৎ চেতিয়া আৰু অৰুণ বহ্ম, তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী হাইলিং, চক্ৰ বিষয়া, জিলা কৃষি বিষয়া বেনীমাধৱ বৰুৱা, মহকুমা(সদৰ), কৃষি বিষয়া ড৹ নিতুমনি গগৈৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে চাওক : দেৰগাঁৱত কুকুৰৰ সৈতে সময় কটালে মন্ত্ৰী অতুল বৰাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.