যোৰহাট, 16 আগষ্ট : সম্পূৰ্ণ ক'ভিড নীতি মানি সোমবাৰে উদযাপন কৰা হয় যোৰহাট কৃষি মহাবিদ্যালয় (Jorhat Agricultural University)ৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ কৃষি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ৷ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকাই কৃষি মহাবিদ্যালয়ৰ বাবে এই দিনটো ঐতিহাসিক দিন বুলি উল্লেখ কৰে ৷

নিজৰ ভাষণ প্ৰসংগত সফলতা লাভৰ বাবে পৰিকল্পনা কৰিবই লাগিব বুলি মন্তব্য কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ৷ ভাষণৰ প্ৰসংগত তেঁও কয়, "এক সুচিন্তিত পৰিকল্পনাৰ ফলশ্ৰুতি আমাৰ যোৰহাট কৃষি মহাবিদ্যালয় । সেই সময়ত কৰা যথোচিত পৰিকল্পনাৰ বাবেই কৃষি মহাবিদ্যালয় আজিৰ অৱস্থাত উপনীত হৈছে । কিয়নো সফলতাৰ বাবে পৰিকল্পনাৰ অতি প্ৰয়োজন । পৰিকল্পনা অবিহনে একোৱেই সম্ভৱ নহয় । সেয়ে যথোচিত পৰিকল্পনা কৰি আমি আগুৱাব লাগিব ।"
লগতে কৃষি মহাবিদ্যালয়ৰ আৰম্ভণিৰ পৰা বৰ্তমানৰ বিশ্ববিদ্যাললৈকে সম্পূৰ্ণ পৰিক্ৰমা সামৰি বিগত সময়ৰ ঐতিহাসিক মুহূৰ্তবোৰ সজীৱ কৰি ৰাখিবলৈ এটা ঐতিহাসিক ফটো গেলাৰী আৰম্ভ কৰাৰ পৰিকল্পনাৰ বিষয়েও প্ৰকাশ কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ৷

উল্লেখ্য যে, কৃষি মহাবিদ্যালয়খনৰ অধীনত বৰ্তমানলৈকে 4694 জনে স্নাতক, 2685 জনে স্নাতকোত্তৰ আৰু 493 গৰাকীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰি সামগ্ৰিকভাৱে কৃষিৰ উত্তৰণৰ দিশৰ বিভিন্ন পৰ্যায়ত কৃষিক্ষেত্ৰৰ শেহতীয়া প্ৰত্যাহ্বানৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ লগতে মহাবিদ্যালয়ৰ পৰা উৰ্ত্তীৰ্ণ হৈ যোৱা একাংশই বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰ তথা ভাৰতীয় প্ৰশাসনিক সেৱাতো দক্ষতাৰে কৰ্তব্য পালন কৰি আছে ৷
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিয়লি ৩-৫ বজালৈ ভাৰ্চুৱেলী অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান । এই অনুষ্ঠানত দেশ বিদেশৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁই, কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্য, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞাৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক, বিজ্ঞানী,বিভাগীয় মুৰব্বী আৰু বিষয়াসকলে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়কঃ ৰহস্যজনকভাৱে বন্ধ হৈ পৰিল এটা ৰে'ল ষ্টেচন