ETV Bharat / state

আঘোণৰ পথাৰত কাকীৰ কৃষকৰ হাহাকাৰ - কাকীত চন পৰি ৰ'ল বিঘাই বিঘাই কৃষিভূমি

ৰাজ্যৰ বিভিন্ন ঠাইৰ পথাৰত এতিয়া সোণগুটি চপোৱাৰ আনন্দ । কিন্তু হোজাইৰ কাকীৰ পথাৰত শুনা গৈছে কৃষকৰ বিননি । এইবাৰো পানীৰ অভাৱতে চন পৰি ৰ'ল বিঘাই বিঘাই কৃষিভূমি(Water crisis in paddy field in Hojai) ।

Water crisis in paddy field in Hojai
আঘোণৰ পথাৰত কাকীৰ কৃষকৰ হাহাকাৰ
author img

By

Published : Dec 13, 2021, 8:56 PM IST

হোজাই, ১৩ ডিচেম্বৰ: এই দৃশ্য হোজাই জিলাৰ কাকীৰ । যিফালেই চকু যায়, সেইফালেই মাথোঁ শুকান পথাৰ । কাকীৰ আঘোণৰ পথাৰত এইবাৰো জিলিকি নুঠিল সোণোৱালী ধাননি । চন পৰা মাটিডৰালৈ চাই মূৰে-কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকে(Problems of farmers in Kaki) ।

কাকীৰ নিজৰাপাৰ, বেঙেনাআটী, কাকমাৰী, নাথগাঁও, জাজৰী ব্লককে ধৰি বহু গাঁৱৰ পথাৰ এতিয়া উকা । কাতি বিহুতো ধাননি পথাৰত এগছি বন্তি প্ৰজ্বলন কৰিব নোৱাৰিলে কৃষক পৰিয়ালে । ভোগালী বিহুতো ভঁৰাল উদং হৈ থাকিব এইসকল কৃষকৰ । লখিমী আদৰিব নোৱাৰি চকুলো টুকিলে গঞাই ।

বৰষুণেই এই কৃষকসকলৰ একমাত্ৰ ভৰসা । বৰষুণ পৰ্যাপ্ত পৰিমাণে হ'লে কৃষকে খেতি কৰে আৰু বৰষুণ সময়মতে আৰু পৰ্যাপ্ত পৰিমাণে নহ'লে খেতিৰ মাটি চন পৰি ৰয় । এইবাৰো কাকী অঞ্চলত সু-দৃষ্টি নপৰিল বৰুণ দেৱতাৰ ।

আঘোণৰ পথাৰত কাকীৰ কৃষকৰ হাহাকাৰ

চৰকাৰৰ জলসিঞ্চন আঁচনিৰ কোনো ধৰণৰ সুবিধা লাভ কৰা নাই কাকীৰ এইসকল কৃষকে । সেয়ে, এতিয়া পানীৰ অভাৱত ধানৰ লগতে কৃষকে আন শস্যও উৎপাদন কৰিব পৰা নাই(Water crisis in paddy field in Kaki) । দীৰ্ঘ দিন ধৰি কাকীৰ কেইবাখনো গাঁৱৰ ৰাইজে কৃষিকাৰ্য কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা পোৱা নাই কোনো আঁচনিৰ সুবিধা । পূৰ্বৰ জলসিঞ্চনৰ আঁচনি এতিয়া প্ৰায় বিকল ।

ফলত, কেইবাখনো কৃষক ৰাইজে এইবাৰ খেতি কৰিব নোৱাৰিলে । বছৰটোৰ বাবে প্ৰয়োজনীয় ধান কেনেকৈ যোগাৰ কৰিব তাকে ভাৱি চিন্তিত হৈ পৰিছে কৃষকসকল । জলসিঞ্চন আঁচনিৰ জৰিয়তে খেতি পথাৰত পানী যোগানৰ সু-ব্যৱস্থা কৰিবলৈ এতিয়া চৰকাৰক কাতৰ আহ্বান জনাইছে কৃষক ৰাইজে ।

লগতে পঢ়ক:স্বাৱলম্বনৰ দিশে আগুৱাইছে নাহৰকটীয়াৰ তিনি মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.