ETV Bharat / state

হোজাইত ইউনাইটেড বেংকৰ গ্ৰাহকৰ হাহাকাৰ অৱস্থা কিয় হ'ল! - আছু

হোজাইৰ ইউনাইটেড বেংকৰ গ্ৰাহকৰ এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ একাউন্টৰ পৰা জমা ধন উলিয়াবলৈ দুই-তিনিদিন অহা যোৱা কৰিব লগা হোৱা বুলি অভিযোগ কৰে স্থানীয় গ্ৰাহক সকলে ৷ অতি শীঘ্ৰে উক্ত বেংকটোত গ্ৰাহক সকলৰ জমা ধন উলিওৱাৰ উপযুক্ত ব্যৱস্থা কৰি দিবলৈ হোজাইৰ আছুৰ দলীয় কৰ্মীয়ে আহ্বান জনাইছে বেংকটোৰ বিষয়া-কৰ্মচাৰীক ৷

United Bank Account Holders Protest Against United Bank Officers
হোজাইত ইউনাইটেড বেংকৰ গ্ৰাহকৰ হাহাকাৰ অৱস্থা কিয় হ'ল!
author img

By

Published : Jun 18, 2020, 10:39 PM IST

হোজাই, 18 জুনঃ হোজাইৰ যমুনামুখ ইউনাইটেড বেংকৰ সন্মুখত শতাধিক গ্ৰাহকৰ ভিৰ ৷ উক্ত বেংকটোৰ পৰা গ্ৰাহকে ধন উঠাবলৈ দিনৰ দিনটো শাৰী পাতিব লগীয়া হোৱাৰ অভিযোগ স্থানীয় গ্ৰাহক সকলৰ ৷

হোজাইত ইউনাইটেড বেংক গ্ৰাহকৰ হাহাকাৰ অৱস্থা কিয় হ'ল!

হোজাইৰ ইউনাইটেড বেংকৰ গ্ৰাহকে জীয়াটো ভুগিবলগীয়া হৈছে নিজৰ টকা উঠাৱলৈ অহা গ্ৰাহকসকলৰ। উল্লেখ্য যে,যমুনামুখ ইউনাইটেড বেংকত প্ৰায় এক লাখ গ্ৰাহকৰ একাউন্ট আছে | বৰ্তমান দৈনিক বেংকটোত মাত্র 80/90 জন গ্ৰাহককহে লেন-দেন কৰাৰ ব্যৱস্থা কৰিছে বেংক কৰ্তৃপক্ষই ৷ আনহাতে, প্ৰতিদিনে 200/250 জন গ্ৰাহক উভতি যাব- লগীয়া হয় উক্ত বেংকটোৰ পৰা। এতিয়া নিজৰ একাউন্টৰ জমা ধন উলিয়াবলৈ আহি সদায়েই জীয়াটো ভুগিবলগীয়া হৈছে বেংকটোৰ গ্ৰাহকসকলে ৷ অনতি পলমে বেংকটোত আন এজন কেচিয়াৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় গ্ৰাহকসকলে |

আনহাতে,উক্ত বিষয়টোৰ ওপৰত নজৰ ৰাখি যমুনামুখ আছুৰ নেতৃত্বই ইতিমধ্যে নগাঁৱৰ ৰিজিঅ'নেল মেনেজাৰলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে ৷ যদি অতি শীঘ্ৰে ৰাইজৰ দাবী মানি নলয় তেনেহ'লে অনাগত দিনত ৰাইজৰ সহযোগত গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি হুংকাৰ দিয়ে হোজাইৰ আছুৰ সদস্য সকলে ৷

লগতে পঢ়ক- হোজাইত বিবাহস্থলীৰ পৰা পলায়ন দৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.