হোজাই, ২৪ ফেব্ৰুৱাৰী : হোজাইত দেওবাৰে পুৱা ৰহস্যজনক ভাৱে দুটা মৃতদেহ উদ্ধাৰ হয়। ভূঞা পট্টীৰ ৰে'ল লাইনৰ কাষত উদ্ধাৰ হয় মৃতদেহ কেইটা ।উদ্ধাৰ হোৱা মৃতদেহ কেইটা এজন যুৱক আৰু আনজন কিশোৰৰ।
দুয়োটা মৃতদেহ নগ্ন আৰু মুণ্ডচ্ছেদ অৱস্থাত উদ্ধাৰ কৰা হয়। ইয়াৰ ওপৰিও মৃতদেহৰ নাতিদূৰত কাপোৰ উদ্ধাৰ হোৱাৰ লগতে বোকাত লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হয় মৃতদেহ কেইটা । ইপিনে ঘটনাস্তলীত ৰে'ল আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। অৱশ্যে বৰ্তমান লৈকে আৰক্ষীয়ে মৃতদেহ দুটা চিনাক্ত কৰিব পৰা নাই । ইপিনে প্ৰত্যক্ষ দর্শীয়ে কোনো দুৰ্বৃত্তই অচিনাক্ত লোক কেইজনক হত্যা কৰি মৃতদেহ কেইটা ৰে'ল লাইনত পেলায় ৰেলে কটাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে।