ETV Bharat / state

হোজাইত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ : আমি আন্দোলন কৰিম - দশমমান শ্ৰেণী

ৰাজ্যৰ ভিন্ন প্ৰান্তত মূল্যাংকন পদ্ধতিৰে ফলাফল ঘোষণা হোৱাক কেন্দ্ৰ কৰি বিভিন্ন ঠাইত বিসংগতি হোৱাৰ অভিযোগ কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ নৱমমান শ্ৰেণীৰ নম্বৰ আৰু দশমমান শ্ৰেণীৰ প্ৰি টেষ্টৰ নম্বৰৰ ভিত্তিত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়া হৈছিল যদি কিয় ফেইল কৰিবলগীয়া হ’ল বুলি ঠাইবিশেষে প্ৰশ্ন কৰিছে শিক্ষাৰ্থীয়ে ৷

Students who failed hslc exam protest in Kaki in Hojai district etv bharat assam news
হোজাইত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Jul 31, 2021, 8:58 PM IST

হোজাই, 31 জুলাই: হোজাই জিলাৰ কাকীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কাকী আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ত শনিবাৰে ফলাফলৰ বিসংগতিৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ । HSLC পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা অনুসৰি, নৱম আৰু দশম শ্ৰেণীৰ প্ৰি টেষ্টত উত্তীৰ্ণ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পঞ্জীয়ন কৰিছিল নাম ৷

এতিয়া অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্ন, যিহেতু নৱমমান শ্ৰেণীৰ নম্বৰ আৰু দশমমান শ্ৰেণীৰ প্ৰি টেষ্টৰ নম্বৰৰ ভিত্তিত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়া হৈছিল ৷ তেনেহ’লে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ প্ৰি টেষ্টত উত্তীৰ্ণ হোৱাৰ পাছত কিয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হ’ল ৷ ইয়াৰ উপৰি বহুবাৰ মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীক কিহৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিয়া হৈছে ৷

হোজাইত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ

শনিবাৰে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীক এই সম্পৰ্কে সোধাত প্ৰধান শিক্ষক টংকেশ্বৰ নাথে চালে-বেৰে কোবোৱা কথা কৈ বিষয়টোৰ পৰা আঁতৰি থাকে বুলি অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আন এক অভিযোগ অনুসৰি, বিদ্যালয়খনৰ নিতুমণি দাস নামৰ ছাত্ৰীগৰাকীয়ে অসমীয়াত 62, ইংৰাজীত 33, অংকত 33, বিজ্ঞানত 49, সমাজ বিজ্ঞানত 58 আৰু হিন্দীত 41 নম্বৰ পোৱাৰ পাছতো অনুত্তীৰ্ণ হোৱাত পৰীক্ষাৰ ফলাফলক লৈ প্ৰশ্ন তুলিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয়খনৰ পৰা 101 গৰাকী ছাত্ৰ-ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও 66 গৰাকীহে উত্তীৰ্ণ হয় ৷

লগতে পঢ়ক: তিনিচুকীয়াত বিদ্যালয়ৰ একত্ৰিকৰণ সন্দৰ্ভত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.