হোজাই, 25 নৱেম্বৰ : ৰাজ্যত লাহে লাহে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ ফলত ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন ক'ভিড নীতি ৷ এইবেলি হোজাই জিলাৰ গোঁসাই গাঁৱত ক'ভিডৰ বাবে বাৰখন গাঁও একেলগ হৈ ৰাজ্য চৰকাৰে জাৰী কৰা ক'ভিড নীতি অনুসৰি ৰাস মহোৎসৱ পালন কৰা হয় (villages in Hojai celebrate Raas festival together) ৷
এইবাৰ সীমিত কাৰ্যসূচীৰে গোঁসাই গাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত 22 আৰু 23 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷
এই অনুষ্ঠানৰ প্ৰথম দিনা স্থানীয় মহিলা শিল্পীৰ দ্বাৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কেলি গোপাল' নাটৰ আধাৰত শ্ৰীকৃষ্ণ ৰাস প্ৰদৰ্শন কৰা হয় ৷ লগতে দ্বিতীয় দিনা স্থানীয় শিল্পীৰ দ্বাৰা 'বিজয় ধনু ভংগ' অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয় ৷
উক্ত অনুষ্ঠানটো উপভোগ কৰিবলৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাগম হয় ৷
লগতে পঢ়ক : actor meghranjani as radha : চতিয়াৰ ৰাসত দৰ্শকক মোহাচ্ছন্ন ৰাধাৰূপী মেঘৰঞ্জনীৰ