ETV Bharat / state

চৰকাৰী নীতি-নিয়ম মানি পথ নিৰ্মাণত ব্যস্ত হ'ল শ্ৰমিক - গ্ৰামাঞ্চল

এম জি এনৰেগা আঁচনিৰ অধীনত ১নং কাকী গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডত নিৰ্মিত এটি পথ নিৰ্মাণৰ কামত গ্ৰামাঞ্চলৰ একাংশ শ্ৰমজীৱী ব্যস্ত হৈ পৰিছে ৷ মাস্কৰ ৰূপত মুখত গোমোচা বান্ধি শ্ৰমিকসকলে নিয়াৰিকৈ কৰি গৈছে নিজৰ কৰ্ম ৷ইয়াৰ উপৰি সামাজিক ব্যৱধান ৰক্ষা কৰি হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ব্যস্ত হৈ পৰিছে মাটি কটাত ৷চৰকাৰী নিৰ্দেশ মানি 30 জনকৈ শ্ৰমিকে কাম কৰিছে পথ নিৰ্মাণত ৷

road construction work is going on as per government rule
চৰকাৰী নীতি-নিয়ম মানি পথ নিৰ্মাণত ব্যস্ত হ'ল শ্ৰমিক
author img

By

Published : May 19, 2020, 4:33 PM IST

হোজাই,19মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লক -ডাউন ৷ চতুৰ্থ পৰ্যায়ৰ এই লক ডাউনত চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে যদিও বিভিন্ন নীতি-নিৰ্দেশনাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ উপৰি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৷এফালে যদি লক ডাউনৰ এই শিথিলতাৰ সুযোগ লৈ একাংশই চৰকাৰী নীতি-নিয়ম উলংঘা কৰিছে, আনফালে আকৌ চৰকাৰৰ এই নিৰ্দেশনা সম্পূৰ্ণ ৰূপে মানি হোজাই জিলাৰ কাকী গ্ৰামাঞ্চলত লক ডাউনৰ শিথিলতাৰ পিছতে পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে একাংশ শ্ৰমিক ৷ এম জি এনৰেগা আঁচনিৰ অধীনত ১নং কাকী গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডত নিৰ্মিত এটি পথ নিৰ্মাণৰ কামত গ্ৰামাঞ্চলৰ একাংশ শ্ৰমজীৱী ব্যস্ত হৈ পৰিছে ৷ মাস্কৰ ৰূপত মুখত গোমোচা বান্ধি শ্ৰমিকসকলে নিয়াৰিকৈ কৰি গৈছে নিজৰ কৰ্ম ৷ইয়াৰ উপৰি সামাজিক ব্যৱধান ৰক্ষা কৰি হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ব্যস্ত হৈ পৰিছে মাটি কটাত ৷চৰকাৰী নিৰ্দেশ মানি 30 জনকৈ শ্ৰমিকে কাম কৰিছে পথ নিৰ্মাণত ৷

চৰকাৰী নীতি-নিয়ম মানি পথ নিৰ্মাণত ব্যস্ত হ'ল শ্ৰমিক

ইপিনে নিৰ্মাণ কাৰ্যত জড়িত হোৱা বাবে এতিয়া কিছু সকাহ লাভ কৰিছে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা শ্ৰমিকসকল ৷ আনহাতে, দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি থকা গাঁওবাসীয়ে কৰ'ণাৰ ভাইৰাছৰ এই সংকটৰ সময়ত বাৰিষাৰ পূৰ্বে পথটিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত চৰকাৰক ধন্যবাদ জনায়।

লগতে পঢ়কঃবিটিচিত এহেজাৰ কোটি টকাৰ কেলেংকাৰীঃ বিশ্বজিত দৈমাৰীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.