ETV Bharat / state

ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে হোজাই আৰু নলবাৰীত পূজা-অৰ্চনা

author img

By

Published : Aug 5, 2020, 3:30 PM IST

Updated : Aug 5, 2020, 6:00 PM IST

হোজাই আৰু নলবাৰীৰ বিধায়ক ক্ৰমে শিলাদিত্য দেৱ আৰু অশোক শৰ্মাৰ তৎপৰতাত অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে পূজা-অৰ্চনা ৷

পূজা-অৰ্চনা
পূজা-অৰ্চনা

হোজাই, 5 আগষ্ট: অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ অৰ্থে আয়োজিত ভূমি পূজনক কেন্দ্ৰ কৰি পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ ৰাম জন্মভূমিৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে ভূমি পূজনৰ শুভ সম্পাদনৰ বাবে পূজা-অৰ্চনা ৷ বুধবাৰে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বাসগৃগৰ লগতে, নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত দেখিবলৈ পোৱা গ'ল ভূমি পূজনৰ সফল ৰূপায়নৰ তৎপৰতা ৷ অযোধ্যাৰ পৰা অনা ৰাম মূৰ্তিৰে সোমবাৰে হোজাই বিধায়ক শিলাদিত্য দেৱে নিজৰ বাসগৃহত অনুষ্ঠিত কৰিলে শ্ৰীৰামৰ মূৰ্তি স্থাপন কৰি এভাগ পূজা ৷

ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে হোজাইত পূজা-অৰ্চনা

নলবাৰী: আনহাতে নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত নলবাৰীতো ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে, খাৰজাৰাৰ দুধনাথ বিগ্ৰহত হোম যজ্ঞ অনুষ্ঠিত কৰা হয় ৷ ৰাম মন্দিৰ নিৰ্মাণৰ শিলান্যাস যাতে সূচাৰুৰূপে সমাপন হয় তাৰ বাবে বুধবাৰে খাৰজাৰাৰ দুধনাথ বিগ্ৰহত অনুষ্ঠিত হোম যজ্ঞত উপস্থিত থাকি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলে ৰাইজে ৷

ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে নলবাৰীত পূজা-অৰ্চনা

লগতে পঢ়ক: দিনটোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ইভেন্টসমূহ...

Last Updated : Aug 5, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.