ETV Bharat / state

চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

author img

By

Published : Jul 17, 2020, 8:10 PM IST

চৰকাৰী নীতি-নিৰ্দেশনাক আওকাণ কৰি পৰীক্ষা অনুষ্ঠিত কৰিছে হোজাইৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৷ ছাত্ৰ-ছাত্ৰীৰ মাজতো নাই কোনো সামাজিক ব্যৱধান ৷

Private sector schools open without following government regulations
চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

হোজাই, 17 জুলাই : চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছিল । কিন্তু,একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মনা নাই এই নীতি-নিৰ্দেশনা ।

হোজাইৰ নিউ কলনি ৰোডৰ ব্যক্তিগত খণ্ডৰ বিবেকানন্দ বিদ্যালয়ে উলংঘা কৰিছে চৰকাৰী নীতি-নিৰ্দেশনা ৷ বিদ্যালয়খনত সাংবাদিকে প্ৰৱেশ কৰি শিক্ষকসকলক পৰীক্ষা লোৱাত ব্যস্ত থকা দেখা পায় । মন কৰিবলগীয়া যে,ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো নাই কোনো সামাজিক ব্যৱধান ।

আনহাতে,এজন শিক্ষকে সাংবাদিকৰ কেমেৰা দেখি শ্ৰেণী কোঠাৰ পাছফালেদি পলায়ন কৰে। আন এজন শিক্ষকে মন্তব্য কৰিলে যে,ছাত্ৰ-ছাত্ৰীসকলে ঘৰত পঢ়া শুনা নকৰে বাবে চূড়ান্ত বৰ্ষৰ পৰীক্ষা বিদ্যালয়ত অনুষ্ঠিত কৰিছে । গণ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ পাচতো ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ লগত এনেদৰে হেতালি খেলা কাণ্ডই চকু কপালত তুলিছে একাংশ সচেতন মহলৰ ।

লগতে পঢ়ক : পি পি ই কীট পৰিধান কৰি চিকিৎসকৰ নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.