ETV Bharat / state

১২ জাতি-জনজাতিক লৈ গঠিত হ'ব হিন্দু-বঙালী ৰাজনৈতিক দল

author img

By

Published : Oct 2, 2020, 10:46 PM IST

বেংগলী সম্প্ৰদায়ৰ স্বাৰ্থত ১২টাকৈ জাতি-জনজাতি, সংগঠনক লৈ এক হিন্দু-বঙালী ৰাজনৈতিক দল গঠন কৰা হ'ব ৷ এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে সদৌ অসম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ অসম বেংগলী সুৰক্ষা মঞ্চই ৷

Pressmeet at Lumding by AABYCF and AABSM
১২ জাতি-জনজাতিক লৈ গঠিত হ'ব হিন্দু-বঙালী ৰাজনৈতিক দল

হোজাই, 2 অক্টোবৰ : বেংগলী সম্প্ৰদায়ৰ স্বাৰ্থত ১২টাকৈ জাতি-জনজাতি, সংগঠনক লৈ এক হিন্দু-বঙালী ৰাজনৈতিক দল গঠন কৰা হ'ব ৷ প্ৰথমে খিলঞ্জীয়া জাতিৰ স্বাৰ্থত অসমত নতুন আঞ্চলিক দল AJP গঠন হোৱাৰ পাছত অহা 11 অক্টোবৰত গঠন হ'ব এই নতুন ৰাজনৈতিক দল ৷ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ অসম বেংগলী সুৰক্ষা মঞ্চৰ উদ্যোগত নতুন হিন্দু-বঙালী ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এক সংবাদমেলত ৷ লামডিঙত সদৌ অসম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ অসম বেংগলী সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজন কৰা হয় এই সংবাদমেলৰ ৷

সংবাদমেলত সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'ৰ লগতে সুৰক্ষা মঞ্চৰ সভাপতি ৰূপম দাসে অসম চুক্তিৰ ৬ নং দফাৰ তীব্ৰ বিৰোধিতা কৰি বিজেপি আৰু কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে ৷ বেংগলী সম্প্ৰদায়ৰ লোকসকলক কংগ্ৰেছ আৰু বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰি আহিছে বুলি মন্তব্য কৰে দুয়োগৰাকী নেতাই ৷

তেওঁলোকে লগতে মন্তব্য কৰে যে, কংগ্ৰেছ-বিজেপি দুয়োটা দলেই হিন্দু-বঙালীৰ প্ৰধান শত্ৰু ৷ কংগ্ৰেছে বনাই যোৱা ডিটেনশ্যন কেম্প বিজেপি চৰকাৰে ভাঙি চুৰমাৰ কৰাৰ শ্ল'গান দিছিল ৷ কিন্তু বিজেপি চৰকাৰে নতুনকৈ এই ডিটেনশ্যন কেম্প নিৰ্মান কৰি হিন্দু-বেংগলী লোকসকলৰ ওপৰত অন্যায় কৰিছে ৷

ইয়াৰোপৰি, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক সমালোচনা কৰি নেতা দুয়োগৰাকীয়ে কয় যে, বিধায়কগৰাকীৰ কাৰ্যকালত এনআৰচিত কোনো হিন্দু-বঙালী লোকৰ নাম বাদ পৰিলে মিশ্ৰই পদত্যাগ কৰিব বুলি কৈছিল ৷ কিন্তু বিধায়কগৰাকীয়ে আজি পৰ্যন্ত পদত্যাগ কৰা নাই ৷ শিবু মিশ্ৰই ডিটেনশ্যন কেম্পত থকা লামডিঙৰ জীয়ৰী চন্দ্ৰা ৰাণী পালৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন উথাপন কৰে দুয়ো নেতাই ৷ লগতে এইবাৰ নিৰ্বাচনত বিধায়কগৰাকীয়ে প্ৰাৰ্থীত্ব লাভ নকৰে বুলি চৰ্চালৈ আহিছে সেয়েহে চৰকাৰ থাকোতে পদত্যাগ কৰিব নে টিকত নাপালে কৰিব সেই লৈও নেতা দুগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক : ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.