হোজাই, 28 ছেপ্তেম্বৰ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নেতা সকলৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও বিভিন্ন উন্নয়নমূলক কামৰ আধাৰ শিলা স্থাপনৰে নিৰ্বাচনী চমক সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

সেই অনুসৰি সোমবাৰে লামডিঙত উপস্থিত হৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত পকী দলঙৰ সন্মুখত থকা বন বিভাগৰ সাহিত্য মনিষী উপবন খন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ পৰিবেশ, বন, আবকাৰী, মীন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷
এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বন বিভাগৰ বহু কেইজন উচ্চ প্ৰদস্থ বিষয়া, হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেব, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলা উপাযুক্ত , হোজাই আৰক্ষী অধীক্ষক লগতে ভাৰতীয় জনতা পার্টিৰ বহু কেইজন বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃ বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম