ETV Bharat / state

Mumbai police raid in Hojai: মোবাইল চোৰ বিচাৰি হোজাই পালেহি মুম্বাই আৰক্ষী

author img

By

Published : Jul 8, 2022, 10:14 PM IST

হোজাইত উজান উঠিছে এণ্ড্ৰইড মোবাইল ফোনৰ ৷ ইয়াৰ মাজতে মোবাইল চোৰ আটিকুৰক বিচাৰি হোজাইত উপস্থিত হ’ল মুম্বাই আৰক্ষীৰ এটা দল (Mumbai police raid in Hojai) ৷

Mumbai police raid in Hojai
হোজাইত এণ্ড্ৰইড মোবাইলৰ উজান

হোজাই, 7 জুলাই : মোবাইল চুৰ আটিকুৰক ৰহমানক বিচাৰি হোজাইৰ লংকাত মুম্বাই আৰক্ষীয়ে অভিযান চলায় (Mumbai police arrived in Hojai in search of mobile thief) ৷ যোৱা 5 জুলাইত লংকা আৰক্ষী থানাৰ অন্তৰ্গত উদালী পহৰা চকীৰ আৰক্ষীয়ে সিং গাঁৱৰ আটিকুৰ ৰহমানৰ ঘৰত অভিযান চলায় 12 লাখ মূল্যৰ 60 টাকৈ মোবাইল ফোন জব্দ কৰিছিল ৷

লংকাল থানাৰ আৰক্ষী বিষয়া দূৰ্গা কিঙ্কৰ শৰ্মায়ে জনোৱা অনুসৰি জব্দকৃত মোবাইল ফোনকেইটা আটিকুৰ ৰহমানৰ পুত্ৰ ইকবাল হুছেইনে মুম্বাইৰ পৰা উদালীৰ সিং গাঁৱৰ নিজ ঘৰলৈ ডাকযোগে পঠাইছিল (Police seized 60 mobiles in Hojai)। মুম্বাইৰ কোনো বিপনীৰ পৰা ইকবালে চুৰি কৰি ঘৰলৈ ম'বাইল কেইটা ঘৰলৈ পঠোৱাৰ সন্দেহ আৰক্ষীৰ । লগতে চুৰি কৰি অনা ম'বাইল কেইটা ডিমাপুৰত বিক্রী কৰাৰো এক পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে ।

হোজাইত এণ্ড্ৰইড মোবাইলৰ উজান

ইফালে অভিযান চলাই পিতৃ আটিকুৰ ৰহমান আৰু পুত্ৰ ইকবাল হুছেইনক আটক কৰিবলৈ আৰক্ষী ব্যৰ্থ হয় যদিও পৰৱৰ্তী সময়ত আটিকুল ৰহমানৰ পত্নী হালিমা বেগম আৰু ইকবাল হুছেইনৰ পত্নী নাজিমা চুলতানাক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰে ৷

এই ঘটনাৰ পিছতে মুম্বাইৰ পৰা অহা আৰক্ষীৰ তিনিজনীয়া এটি দল লংকাত উপস্থিত হৈ উদালী আৰক্ষীৰ সহযোগত লংকাকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত আটিকুৰক বিচাৰি অভিযান চলাই (Mumbai police raid in Hojai) ৷ আনহাতে চুৰি কৰি অনা প্ৰায় 55 লাখ টকাৰ মোবাইল ফোন উদ্ধাৰ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নলবাৰীৰ লোহাৰকাঠাত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.