হোজাই , 8 ডিচেম্বৰ : আইনৰ কঠোৰ শাস্তি, সজাগতামূলক অভিযানক অসাৰ প্ৰতিপন্ন কৰি সমাজৰ একাংশ লোকে বাল্য বিবাহৰ দৰে অপৰাধ সংঘটিত কৰিয়েই আছে । পৰিয়ালৰ হেঁচা, নিজৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সাহস কৰি নোৱাৰি বহু কিশোৰীয়ে বাল্য বিবাহৰ বাবে বাধ্য হ'বলগীয়া হৈছে । এনে বহু কিশোৰীক ইতিমধ্যে চাইল্ড লাইনে উদ্ধাৰ কৰি জীৱনটো নতুনকৈ উপভোগ কৰাৰ পথ দেখুৱাইছে ।
মঙলবাৰে হোজাই জিলাৰ কাকী পৰা উদ্ধাৰ হয় এগৰাকী নাবালিকা ৷ হোজাই জিলা চাইল্ড লাইনৰ তৎপৰতাত পুৰণা কাকী হায়ং থলৰ পৰা উদ্ধাৰ হয় নাবালিকা গৰাকী(Minor girl rescued in an operation carried by child line in Hojai) ৷
ঘটনা অনুসৰি হায়ংথলৰ প্ৰসেনজিৎ দাস নামৰ যুৱকজনে প্ৰায় তিনিমাহ পূৰ্বে কাকী মিলনপুৰৰ পৰা পলোৱাই আনি বিয়া পতাৰ উদ্দেশ্যে নাবালিকাগৰাকীক শিৰত সেন্দুৰ দি নিজৰ ঘৰতে ৰাখিছিল ৷ পৰৱৰ্তী সময়ত হোজাই চাইল্ড লাইনে এই ঘটনাৰ খবৰ পোৱাত কাকী আৰক্ষীৰ সৈতে প্ৰসেনজিতৰ ঘৰত উপস্থিত হয় ৷ লগতে আৰক্ষীৰ সহযোগত হোজাই চাইল্ড লাইনে নাবালিকাগৰাকীক উদ্ধাৰ কৰি নগাঁও শিশু গৃহলৈ প্ৰেৰণ কৰে ৷
অৱশ্যে আৰক্ষী আৰু হোজাই চাইল্ড লাইন উপস্থিত হোৱাৰ উমান পাই শিশু আইন ভংগকাৰী প্ৰসেনজিৎ ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ এই পৰ্যন্ত আৰক্ষীয়ে পলাতক প্ৰসেনজিতক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ যদিও সোধপোছৰ বাবে প্ৰসেনজিতৰ পিতৃ কান্তী দাসক থানালৈ লৈ আহে আৰক্ষীয়ে ৷
লগতে পঢ়ক : চকীহোলাৰ হত্যাকাণ্ড: অৱশেষত উদ্ধাৰ দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ