ETV Bharat / state

যৌতুকৰ বাবে অন্তঃসত্বা পত্নীক হত্যাৰ চেষ্টা স্বামী-পৰিয়ালৰ - অন্তঃসত্বা পত্নীক বিহ পাণ কৰোৱাই হত্যাৰ চেষ্টা

হোজাই জিলাত অমানৱীয় ঘটনা। যৌতুকৰ বাবে স্বামী পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ চেষ্টা এগৰাকী অন্তঃসত্বা মহিলাক ।

Husband and family try to kill pregnant wife for dowry
যৌতুকৰ বাবে অন্তঃসত্বা পত্নীক হত্যাৰ চেষ্টা স্বামী-পৰিয়ালৰ
author img

By

Published : Jul 20, 2020, 3:42 PM IST

হোজাই, 20 জুলাই: কিমান কু-মানসিকতা হʼলে যৌতুকৰ বাবে নিজ অন্তঃসত্বা পত্নীক বিহ পান কৰোৱাই হত্যা কৰাৰ চেষ্টা কৰিব পাৰে এজন স্বামীয়ে । তেনে এক অমানৱীয় জঘন্য ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ নখুটীৰ 1 নং ছাৰ্কেৱস্তিত । ঘটনা সন্দৰ্ভত জানিব পৰা মতে,উদালীৰ অয়েশা খাতুন নামৰ এগৰাকী যুৱতীক ডেৰ বছৰৰ পূৰ্বে নখুটীৰ 1 নং ছাৰ্কেৱস্তিৰ ছয়দুৰ ৰহমান নামৰ যুৱকজনৰ লগত সামাজিক নীতি-নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু বিবাহৰ পিচৰ পৰাই অয়েশা খাতুনৰ স্বামী ছয়দুৰ ৰহমান আৰু স্বামীৰ পৰিয়ালে অয়েশাক যৌতুক বিচাৰি চলাই গৈছিল শাৰীৰিক তথা মানসিক নিৰ্যাতন ।

যৌতুকৰ বাবে অন্তঃসত্বা পত্নীক হত্যাৰ চেষ্টা স্বামী-পৰিয়ালৰ

অৱশেষত অয়েশাৰ ওপৰত নিৰ্যাতনৰ চূড়ান্ত সীমা পাৰ হৈ যোৱা 17 জুলাইত স্বামী আৰু স্বামীৰ পৰিয়ালে অয়েশাক বিহ পান কৰোৱাই হত্যা কৰাৰ চেষ্টা চলায় । অয়েশাক বলপূৰ্বক ভাৱে বিহ পান কৰোৱাই স্বামীয়ে ঘৰৰ বাহিৰত পেলাই থয় । পিচত এই ঘটনা সন্দৰ্ভত অয়েশাৰ মাতৃ পৰিয়ালে অৱগত হোৱাত নখুটী আৰক্ষীৰ সহযোগত অয়েশাক স্বামী গৃহৰ পৰা উদ্ধাৰ কৰি,নখুটীৰ এখন ঔষধৰ দোকানত প্ৰাথমিক চিকিৎসা কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

অয়েশা কিছু সুস্থ হোৱাত নখুটী আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ ৷ অৱশ্যে আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ । মাতৃ পৰিয়ালৰ সংবাদ মাধ্যমৰ আগত এটাই অনুৰোধ দোষীয়ে উচিত শাস্তি পাওক লগতে ন্যায় লাভ কৰক আয়েশাই ৷

লগতে চাওক-মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.