ETV Bharat / state

হোজাইত মহিলাৰ এজাহাৰৰ লৈ উত্তপ্ত পৰিস্থিতি

হোজাইত মহিলাৰ এজাহাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়,ঘটনাক কেন্দ্ৰ কৰি কাকী আৰক্ষী অঞ্চলটোৰ মহিলাসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়

হোজাইত মহিলাৰ এজাহাৰৰ লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 23, 2019, 4:24 PM IST

হোজাই,২৩ এপ্ৰিল : সোমবাৰে নিশা হোজাই জিলাৰ কাকী আৰক্ষী থানাত এগৰাকী মহিলাৰ এজাহাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নাজলী বেগম নামৰ এগৰাকী বিবাহিত মহিলাক একেখন গাঁওৰে আইনুল হক নামৰ লোক এজনে দীৰ্ঘদিনধৰি মানসিক আৰু ভয় -ভাবুকি দেখুৱাই আহিছিল বুলি মহিলাগৰাকীয়ে কাকী আৰক্ষী থানাত অভিযোগ উত্থাপন কৰে । ইপিনে, আইনুল হকৰ লগতে গাঁওবাসীৰ একাংশ মহিলাই এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা বুলি দাবী কৰি নিশা কাকী আৰক্ষী থানাত অভিযোগকাৰী নাজলি বেগম নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহে । কিন্তু কাকী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন শইকীয়াই এজাহাৰ গ্ৰহণ নকৰি মহিলাসকলক অপদস্থ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । থানাত নিয়োজিত কৰ্তব্যৰত আৰক্ষীৰ জোৱানে মহিলাসকলক শাৰিৰীকভাৱেও অপদস্থ কৰে বুলি অভিযোগ উত্থাপন কৰে মহিলাসকলে ।

Intro:হোজাই জিলা কাকী আৰক্ষী থানাত এগৰাকী মহিলাৰ এজাহাৰক লৈ নিশা উত্তপ্ত পৰিস্থিতি।
Body:হোজাই জিলাৰ লংকাৰ কাকী আৰক্ষী থানাত সোমবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।কাকী আৰক্ষী থানাৰ অন্তৰ্গত চলচলি গাঁওৰ নাজলি বেগম নামৰ বিবাহিত এগৰাকী মহিলাই কাকী আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে,নাজলী বেগম নামৰ বিবাহিত মহিলাগৰাকীয়ে একেখন গাঁওৰে আইনুল হক নামৰ লোকজনৰ বিৰুদ্ধে দীৰ্ঘদিনধৰি মানসিক আৰু ভয় -ভাবুকিৰ অভিযোগ দাখিল কৰে।এইলৈ আইনুল হকৰ লগতে গাঁওৰে একাংশ মহিলাই এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা বুলি দাবী কৰি নিশা কাকী আৰক্ষী থানাত অভিযোগকাৰী নাজলি বেগম নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহে যদিও কাকী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন শইকীয়াই এজাহাৰ গ্ৰহণ নকৰি মহিলা সকলক অপদস্থ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।থানাত নিয়োজিত কতব্যৰত আৰক্ষীৰ জোৱানে মহিলাসকলক শাৰিৰীক অপদস্থ কৰে।ইপিনে ,অভিযোগ উঠামতে কে'বাবাৰো বিবাহ পাশত আৱদ্ধ হোৱা নাজলি বেগম নামৰ মহিলাগৰাকীয়ে শেহতীয়াকৈ হিন্দু ধৰ্মৰ এজন পুৰুষৰে বিবাহত আৱদ্ধ হয়।যাৰবাবে গাঁওৰ সমাজত মহিলাগৰাকীৰ বিবাহক লৈ চলা বিচাৰত মহিলাগৰাকীক দোষাৰোপ কৰা হয় আৰু ইয়াৰ বাবেই মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপি মনেসজা গোচৰ ৰুজু কৰা বুলি অভিযোগ উঠিচে।Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.