হোজাই, 2 জুলাইঃ হোজাইৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত পূৱ জাৰুনী (গনিপুৰ)গাঁৱৰ পিতৃহাৰা চাৰিগৰাকী সন্তানৰ কাষত থিয় দিছে মৰ্কজুল মা’আৰিফ নামৰ সংস্থাটো । সংস্থাটোৱে সন্তান চাৰিগৰাকীৰ লগতে পত্নীক 50 হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে ।
উল্লেখ্য যে, সন্তান চাৰিজনৰ পিতৃৰ শুকুৰবাৰে আকষ্মিক মৃত্যু হয় । 52 বছৰীয়া বাজিদুৰ ৰহমান লস্কৰ নামৰ লোক জনে চাইকেল মেৰামতিৰ কৰি পৰিয়ালটো পোহ পাল দি আছিল । কিন্তু তেওঁৰ মৃত্যুৰ পাচত পৰিয়ালটো অসহায় হৈ পৰে । তাৰ পাচতে অসহায় পৰিয়ালটিয়ে ৰাইজৰ পৰা ছ’চিয়েল মিডিয়াযোগে সাহাৰ্যৰ বাবে প্ৰাৰ্থনা কৰে । এই বিষয়টো দৃষ্টগোচৰ হয় সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ।
বদৰুদ্দিন আজমলে ছিৰাজুদ্দিন আজমলৰ লগত বিষয়টো আলোচনা কৰি মৰ্কজুল মা’আৰিফৰ কৰ্মকৰ্তাসকলক উক্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্দেশ দিয়ে । সেই নিৰ্দেশ অনুসৰিয়েই মৰ্কজুল মা’আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ আৰু মৰ্কজৰ পুনৰ সংস্থাপন বিভাগৰ মুৰব্বী দেৱান আব্দুল আলিম (ওৱাইছ চৌধুৰী)সহ এটি প্ৰতিনিধি দল দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহত উপস্থিত হয় ।
প্ৰতিনিধি দলটোৱে দুমাহৰ বাবে খাদ্য সামগ্ৰী আৰু 50 হাজাৰ টকাৰে সাহায্য প্ৰদান কৰে । পৰিয়ালটোক দিয়া 50 হাজাৰ টকাৰ 25 হাজাৰ টকা আৰ্থিক সাহায্য আৰু আন 25 হাজাৰ টকা গৃহ মেৰামতিৰ বাবদ প্ৰদান কৰিছে ।
ইয়াৰ উপৰিও, আজমৰ মৰ্কজুল মা’আৰিফৰ পৰা মাহিলি 3000 টকাকৈ আগবঢ়াব । লগতে মৌলানা বদৰুদ্দিন আজমলে পৰিয়ালৰ কণ কণ শিশুহঁতৰ সৈতে ভিডিঅ' কলযোগে কথা পাতি আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ।
আজমলৰ প্ৰচেষ্টাত মৰ্কজে নগদ ধন আৰু খাদ্য সামগ্ৰী বিতৰণ কৰাত স্থানীয় ৰাইজে আজমল পৰিয়ালৰ লগতে যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ শলাগ লয় ৷