হোজাই,2 আগষ্টঃ লক ডাউনৰ সময়ছোৱাত আৰ্থিক ভাবে জুৰুলা হৈ পৰা একাংশ দৰিদ্ৰ কৃষকৰ কাষত থিয় দিছে হোজাই জিলাৰ কৃষি বিভাগ । দেওবাৰে হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাৰ নেতৃত্বত কৃষি বিভাগৰ আন কেইবাজনো বিষয়া হোজাই জিলা বামুণগাওঁ অন্তগৰ্ত ৰামসিং গাঁৱত উপস্থিত হৈ কৃষি বিভাগৰ "বন শংকৰ বীজ বিতৰণ" আঁচনী উদ্ধোধন কৰে ৷
ৰামসিং গাঁওৰ ২৫ টা পৰিয়ালৰ মাজত ১০ হেক্টৰ মাটিত হাইব্ৰীট ধান US 312 বিতৰণ কৰে । কৃষকক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে দৰিদ্ৰ কৃষকৰ মাজত বিতৰণ কৰা উক্ত প্ৰজাতিৰ ধান ১২৫ দিনতে কাটিব পৰাৰ লগতে বিঘাই প্ৰতি ৩০ ৰ পৰা ৪০ মোন ধান উৎপাদন কৰি কৃষকসকল লাভবান হ’ব পাৰিব বুলি বিষয়া কেইগৰাকীয়ে সদৰি কৰে ।
ইপিনে দৰিদ্ৰ কৃষকক ধানৰ বীজ বিতৰণ কৰাৰ লগতে পথাৰত নামি খেতিয়কৰ লগত পথাৰত ভূই ৰুই কেছা মাটিৰ গোন্ধৰ আনন্দ ললে কৃষি বিষয়া সকলে । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় কৃষি বিভাগ যোজনাৰ অধীনত হোজাই জিলা কৃষি বিভাগে ৰেহাই মূল্যত পাৱৰ টিলাৰ, ধান ৰোৱা যন্ত্ৰ, ট্ৰেক্টৰ আদিও দুখীয়া কৃষকক যোগান ধৰাৰ কথাও সদৰি কৰে হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই।
