হোজাই,30 ছেপ্টেম্বৰঃ হোজাইত দিনক দিনে বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাই সবৰ্ত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তেই এইবাৰ নিজ পৰিয়ালৰেই এজন বয়সীয়াল লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে নাবালিকা ধৰ্ষণৰ অভিযোগ ৷
তথ্যনুসৰি সম্বন্ধত নাবালিকাগৰাকীৰ নিজ পৰিয়ালৰ জেঠোৱেকে পূৰ্বেও পইচা দি ফুচুলাই কিশোৰীগৰাকীৰ লগত এনেধৰণৰ অসৎ কাৰ্য চৰিতাৰ্থ কৰি আহিছিল । হোজাই জিলা কাকী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কাকীৰ ৭ নং মাটিপাহাৰৰ আব্দুল কালাম নামৰ ৬৩ বছৰীয়া বৃদ্ধই নিজৰ ঘৰৰ কাষৰে নাবালিকাগৰাকীৰ লগত কোনো নথকাৰ সুযোগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে । সন্ধিয়া ৬.৪৫ মান বজাত সংঘটিত ঘটনাটোত নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইতিমধ্যে, নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কাকী আৰক্ষীয়ে 118/19 নম্বৰত এক গোচৰ ৰুজু কৰি ধৰ্ষণকাৰী আব্দুল কালামক 'পক্স' আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷