ETV Bharat / state

Amrit Kalash Yatra: আকাশী গংগা গাঁও পঞ্চায়তত সম্পন্ন ’অমৃত কলহ যাত্ৰা’ - বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামী

ৰাজ্যত অব্যাহত আছে 'অমৃত কলহ যাত্ৰা' অভিযান ৷ ডবকাৰ আকাশী গংগা গাঁও পঞ্চায়তত 'অমৃত কলহ যাত্ৰা'ত অংশগ্ৰহণ কৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে । পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ ৷

AMRIT KALASH YATRA IN Hojai
আকাশী গংগা গাঁও পঞ্চায়তত সম্পন্ন ’অমৃত কলহ যাত্ৰা’
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:08 AM IST

আকাশী গংগা গাঁও পঞ্চায়তত সম্পন্ন ’অমৃত কলহ যাত্ৰা’

হোজাই, 9 অক্টোবৰ: হোজাইৰ ডবকাৰ আকাশী গংগা গাঁও পঞ্চায়তত 'অমৃত কলহ যাত্ৰা'ত অংশগ্ৰহণ কৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে । ডবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত আকাশীগংগা গাঁও পঞ্চায়তৰ উদ্যোগত আয়োজিত কৰা হয় এই অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ ৷ দেওবাৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে অঞ্চলটোৰ কেইবা শতাধিক মহিলাই এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আকাশী গংগা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক পদযাত্ৰাৰ আয়োজন কৰা হয় ৷ গায়ন-বায়নৰ লগতে সমষ্টিটোৰ বিভিন্ন জনগোষ্ঠীৰ গৰিষ্ঠসংখ্যক লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত ৷ পদযাত্ৰাৰ পিছত 10 টা ৱাৰ্ডৰ পৰা সংগৃহীত মাটি মিহলিকৰণ কাৰ্যসূচী সম্পন্ন হয় ৷ জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাত পঞ্চপ্ৰাণ সংকল্প পাঠ কৰায় বিডিঅ' শেৱালী চক্ৰৱৰ্তীয়ে ৷

অনুষ্ঠানত বিধায়ক জিতু গোস্বামীয়ে কয়, "আকাশী গংগা পঞ্চায়তত আহি মই আনন্দিত হৈছো ৷ যিহেতু আকাশী গংগা পঞ্চায়ত পূৰ্বে যমুনামুখ সমষ্টিৰ অন্তৰ্গত আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত বৰ্তমান এই পঞ্চায়ত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে, এতিয়া পূৰ্বতকৈ বেছি উন্নয়ন হব ৷

বিধায়ক গোস্বামীয়ে যমুনামুখ, বালিৰাম আৰু নগঞাপাম পঞ্চায়তৰ ৰাইজৰ পৰা লাভ কৰা সহায়-সহযোগিতাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ লগতে, ৰাইজে যে পুনৰ বিজেপিক আঁকোৱালি ল’ব তাত কোনো সন্দেহ নাই বুলিও দাবী কৰে ৷ পৰৱৰ্তী নিৰ্বাচনত তথা দেশৰ প্ৰধানমন্ত্ৰী হিচাবে পুনৰ নৰেন্দ্ৰ মোদীয়েই নিৰ্বাচিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Assam CM Wife Land controversy: আকৌ মাটি কিনিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে, কংগ্ৰেছৰ চৰকাৰ হ’লে হ’ব তদন্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.