হোজাই, 9 জুলাই : হোজাই জিলা পৰিষদ সন্দৰ্ভত বিধায়ক শিলাদিত্যৰ বিৰূক মন্তব্যক বুধবাৰে উভটি ধৰিলে জিলা পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱীয়ে । সভানেত্ৰী গৰাকীয়ে হোজাইৰ নিজ বাসগৃহত সংবাদ মেল পাতি কয় যে, হোজাই জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদৰ বিৰুদ্ধে যোৱা ২৯ তাৰিখে অহা অনাস্থা প্ৰস্তাৱৰ পত্ৰ উঠাই ল'বলৈ শিলাদিত্য দেৱে তেওঁক ফোন যোগে জনাইছিল । তাৰ পৰা গম পোৱা যায় যে বিধায়ক গৰাকীৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত মিলি আছে ।
হোজাই জিলা পৰিষদ প্ৰথম অৱস্থাত কংগ্ৰেছৰ দখলত থকা সময়ত বিধায়ক গৰাকী ক'ত আছিল বুলিও প্ৰশ্ন কৰে সভানেত্ৰী গৰাকীয়ে ৷ বিধায়ক গৰাকীক বাৰম্বাৰ কোৱা হৈছিল জিলা পৰিষদখন বিজেপিৰ দখললৈ আনিব লাগে বুলি, তেতিয়া তেওঁ গুৰুত্ব দিয়া নাছিল । কিন্তু লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰেহে ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে সহায় সহযোগ কৰিছিল ।
হোজাই জিলা পৰিষদত দুৰ্নীতি হোৱা প্ৰসংগত কয় যে, পৰিদৰ নামত কি পুঁজি আহিছে যে দুৰ্নীতি হ'ব ৷ যদি শিলাদিত্যই দুৰ্নীতি হোৱাৰ প্ৰমাণ দিব পাৰে সভানেত্ৰী গৰাকীয়ে নিজেই সভানেত্ৰী পদ ত্যাগ কৰিব বুলি উল্লেখ কৰে । দুৰ্নীতি প্ৰসংগত সভানেত্ৰী গৰাকীয়ে আৰু কয় যে, হোজাইৰ ধলপুখুৰী আৰু যোগীজান ব্লকত অবাধ দুৰ্নীতি চলি আছে , বিধায়ক শিলাদিত্য দুয়োটা ব্লকৰ মনিটৰিং কমিটিৰ চেয়াৰমেন ৷ কিন্তু তেওঁ ধৰিব পৰা নাই দুৰ্নীতি ৷ পৰিষদৰ সভানেত্ৰী গৰাকী ব্লকলৈ গ'লে কি কাম আছে বুলি ওলোটাই সভানেত্ৰী গৰাকীক ধমক দিয়াৰ অভিযোগ বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে ৷
লগতে পঢ়ক : ড্ৰাগছৰ বেজি দি কিশোৰীক হত্যা