হোজাই, 5 মে': অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকলৈ আজমল ফাউণ্ডেচনৰ আৰ্থিক সাহায্য । দেওবাৰে হোজাইৰ ১৬২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক আজমল ফাউণ্ডেচনে আগবঢ়ালে দহ লাখ টকাৰ সাহায্য ৷ দীৰ্ঘদিন ধৰি বিনা দৰমহাৰে শিক্ষকতা কৰি জ্ঞানৰ পোহৰ বিলোৱা হোজাইৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আৰ্থিক অনুদান প্ৰদান কৰি কিছু সকাহ দিয়াৰ চেষ্টা চলাইছে হোজাইৰ স্বেচ্ছাসেৱী সংগঠন আজমল ফাউণ্ডেচনে ।
হোজাইৰ উপায়ুক্ত তন্ময় প্ৰতীম বুঢ়াগোহাইৰ জৰিয়তে আজমল ফাউণ্ডেচনে জিলাখনৰ ২১ খন ভেঞ্চাৰ স্কুলৰ ১৬২ গৰাকী শিক্ষকক মুঠ দহ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় । হোজাইৰ মৰিয়ম আজমল ৱমেন্চ কলেজত আয়োজিত সভাত হোজাইৰ উপায়ুক্ত তন্ময় প্ৰতীম বুঢ়াগোহাঁয়ে ভাষণ প্ৰসংগত আজমল ফাউণ্ডেচনৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰে ।