হাইলাকান্দি, 13 মে' : যি সময়ত কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগ প্ৰতিটো সময়তে সষ্টম হৈ উঠিছে সেই সময়তে হাইলাকান্দি চিকিৎসালয়ত ৰোগীক ৰাতি প্ৰস্তুত কৰা খাদ্য খাবলৈ দিয়াৰ এক ভয়ংকৰ অধ্যায় পোহৰলৈ আহিছে ৷
তথ্য অনুসৰি, হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক চিকিৎসালয়খনৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে পোহৰলৈ আনিছে এই তথ্য ৷ বুধবাৰে দিনৰ 1 বজাত নিশাই ৰন্ধা খাদ্য সামগ্ৰী খাবলৈ দিয়া হয় ৰোগী সকলক ৷
ৰন্ধন কৰ্মী নিলকান্ত দাসে বহু দিনৰ পৰা এই কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উখাপন কৰিছে স্বাস্থ্য কৰ্মী জয়দেৱ সিন্হাই ৷
আনহাতে, চিকিৎসালয়খনৰ খাদ্য সামগ্ৰী সমূহ ৰন্ধন কৰ্মী গৰাকীয়ে নিজ ঘৰলৈ লৈ যোৱা বুলিও অভিযোগ কৰিছে স্বাস্থ্যকৰ্মী জয়দেৱ সিন্হাই ৷
লগতে পঢ়ক : নাৰ্চ সকলক ব্যতিক্ৰমী সম্বৰ্ধনা চেলেংহাট হেল্থ ক্লাৱৰ