ETV Bharat / state

Public Relation Campaign: হাইলাকান্দিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

author img

By

Published : Jun 13, 2023, 9:11 PM IST

মঙলবাৰে হাইলাকান্দিত জনসংযোগ প্ৰচাৰৰ জৰিয়তে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায় ৷ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত হাইলাকান্দিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে এই জনসংযোগ অভিযান চলায়।

PUBLIC RELATIONS CAMPAIGN IN HAILAKANDI
হাইলাকান্দিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা
হাইলাকান্দিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

হাইলাকান্দি, 13 জুন: সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ ইফালে শেহতীয়াকৈ কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে 9 বছৰ সম্পূৰ্ণ কৰে ৷ ইয়াৰ উপলক্ষে দেশৰ লগতে ৰাজ্যখনতো বিভিন্ন অভিযানত নামি পৰিছে বিজেপিৰ মন্ত্ৰী আমোলাৰ লগতে কৰ্মীসকলে ৷

ইয়াৰে এক অংশস্বৰূপে মঙলবাৰে হাইলাকান্দিত জনসংযোগ প্ৰচাৰৰ জৰিয়তে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায় ৷ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত হাইলাকান্দিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে এই জনসংযোগ অভিযান চলায়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ।

এই উপলক্ষে হাইলাকান্দিৰ ৰবীন্দ্ৰ মেলা খেলপথাৰত এক বিশাল জনসভাৰ আয়োজন কৰা হয়। এই বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও উপস্থিত থাকে।

এই অনুষ্ঠানত উপস্থিত থাকি জয়ন্ত মল্ল বৰুৱাই কয় যে, "বিগত বৰ্ষতো বৰাকবাসীয়ে আমাৰ বিজয় সাব্যস্ত কৰিছিল ৷ এইবাৰো আমি তাতোকৈ অধিক ভোটত বিজয় সাব্যস্ত কৰিম ৷ হাইলাকান্দি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত যি উছাহ দেখিছো তাৰ পৰা আমি নিশ্চিত এইবাৰ আমাৰ কেৱল জয়ী হোৱাই নহয় অধিক ভোটত বিজয় সাব্যস্ত কৰিব ৷ আমি এইবাৰ লোকসভা সমষ্টিত 14 খন আসনৰ বাবেই প্ৰস্তুতি চলাম, আৰু আমি যদি 14 খন আসনেৰে 14 খনতেই জয়ী হয় তেনেহ’লে আচৰিত হ’বলগীয়া একো নাই ৷"

ইফালে 12 জুনত হাইলাকান্দিত বিজেপিৰ জনসংযোগ প্ৰচাৰ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই । ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ৰাজ্য চৰকাৰে বান প্ৰতিৰোধক যথেষ্ট গুৰুত্ব দিছে । নদীৰ মথাউৰি মেৰামতিৰ বাবে ৰাজ্যত মাত্ৰ 10 লাখ জিঅ’ বেগহে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ কয় ।

পৰ্যালোচনাৰ পাচত তেওঁ দাবী কৰে যে বতৰ ভাল হ’লে 30-35 হাজাৰ কৰ্মী আৰু সমৰ্থক গোট খাব । আনহাতে, কৰিমগঞ্জ লোকসভাৰ আসনত বিজেপিৰ আধিপত্য বজাই ৰাখিবলৈ শাসকীয় শিবিৰে চেষ্টা কৰিব বুলিও মন্ত্রী পীযুষ হাজৰীকাই ইংগিত দিয়ে ৷

লগতে পঢ়ক: River bank erosion: ডিব্ৰুগড় চহৰৰ মাজমজিয়াত মাৰোৱাৰীপট্টিত খহনীয়াৰ ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.