ETV Bharat / state

PMGSYৰ পথ নিৰ্মাণত হাইলাকান্দিত ব্যাপক দুৰ্নীতিৰ অভিযোগ - অনুজ্ঞাপত্ৰ বাতিল

1 কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা পকী পথত ঠিকাদাৰ বাপ্পা দত্তৰ বিৰুদ্ধে অতি নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অনুজ্ঞাপত্ৰ বাতিলৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ ৷

PMGSY Construction Corruption
PMGSY ৰ পকী পথ নিৰ্মাণত হাইলাকান্দিত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Apr 24, 2020, 9:06 PM IST

হাইলাকান্দি, 24 এপ্ৰিলঃ প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা চমুকৈ PMGSYৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ লক ডাউনৰ মাজতে পোহৰলৈ আহিছে এই দুৰ্নীতিৰ তথ্য ৷ প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা ৰ নামত হোৱা এই দুৰ্নীতি সংঘটিত হৈছে হাইলাকান্দিত ৷ জিলাখনৰ কাটলিছেড়া সমষ্টিৰ মণিপুৰ সুলতানি গাঁৱত পকী পথ নিৰ্মাণৰ নামত সংঘটিত হোৱা এই ব্যাপক দুৰ্নীতি পোহৰলৈ আনিছে স্থানীয় ৰাইজে ৷ জানিব পৰা মতে,1 কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে 2011 চনত আৰম্ভ হৈছিল পকী পথ নিৰ্মাণৰ কাম ৷ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ বাপ্পা দত্ত নামৰ এগৰাকী ঠিকাদাৰক এবছৰৰ সময় বান্ধি দিয়া হৈছিল ৷ কিন্তু এবছৰ দুবছৰ নহয় 2020 চনৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ 8 বছৰৰ পিছতহে সম্পূৰ্ণ হৈছিল পকী পথ নিৰ্মাণৰ কাম ৷ কিন্তু 8বছৰৰ পিছত সম্পূৰ্ণ হোৱা পকী পথে এতিয়া জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ৷ কাৰণ নিৰ্মাণ সম্পূৰ্ণ হোৱা দুমাহৰ পিছতে এতিয়া এজাক বৰষুণতে চপৰা চপৰে খহিছে পকী পথটো ৷ অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰা বুলি ঠিকাদাৰজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি এতিয়া বাপ্পা দত্ত নামৰ ঠিকাদাৰজনৰ অনুজ্ঞাপত্ৰ বাতিলৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

PMGSY ৰ পকী পথ নিৰ্মাণত হাইলাকান্দিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়কঃ লখিমপুৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.