ETV Bharat / state

কাগজ কল পুনৰ মুকলিৰ দাবীত কাছাৰত প্ৰতিবাদ

সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কাগজ কল দুটা পুনৰ মুকলি কৰি ২ লাখ নিবনুৱাৰ সমস্যা সমাধান নকৰিলে আসন্ন নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

HPC EMPLOYEE PROTEST AT HAILAKANDI
কাগজ কল পুনৰ মুকলিৰ দাবীত কাছাৰত প্ৰতিবাদ
author img

By

Published : Jan 18, 2021, 6:46 PM IST

হাইলাকান্দি, 18 জানুৱাৰী : কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ মুকলি কৰা আৰু বকেয়া দৰমহা আদায় দিয়াৰ দাবীত কাছাৰ কাগজ কলৰ কৰ্মীসকলে সোমবাৰে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে পুৱা ১১ টা বজাৰ পৰা দুপৰীয়া ১ লৈ পাঁচগ্ৰাম কাগজ কলৰ সম্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, অবিলম্বে কাগজ কল পুনৰ আৰম্ভ কৰা, আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

কাগজ কল পুনৰ মুকলিৰ দাবীত কাছাৰত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে ৰায়দান দিয়াৰ পাছত আজি পৰ্যন্ত কাগজ কল দুটা নিলাম তথা পুনজ্জীৱিত কৰাৰ বাবে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে । তেওঁলোকে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰক কাগজ কল দুটা পুনৰ মুকলি কৰি ২ লাখ নিবনুৱাৰ সমস্যা সমাধান কৰাৰ আহ্বান জনায় ৷ অন্যথা আসন্ন নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কাম আৰম্ভ কৰিছে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.