হাইলাকান্দি, 23 আগষ্টঃ বিশুদ্ধ খোৱাপানীৰ অভাৱত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ল হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ৰাইজে ৷ দেওবাৰে খালী কলহ লৈ পথৰ কাষত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ মহিলাসকলে ৷ ৰাইজৰ ক্ষোভ বিগত কেইবা দশক ধৰি অঞ্চলটোত চৰম পানীৰ সমস্যাই দেখা দিছে ৷ এই সন্দৰ্ভত কেইবাবাৰো জন প্ৰতিনিধিক অবগত কৰা হৈছিল যদিও কোনো সুফল লাভ কৰা নাই ৷
আনহাতে, অঞ্চলটোত থকা মেগা পানীযোগান আঁচনিৰ কামো অতি লেহেমীয়া গতিত চলিছে ৷ সেয়েহে অতি শীঘ্ৰে এই আঁচনিখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক-কংগ্ৰেছ-এআইইউডিফ মিত্ৰতাৰ বিৰোধিতা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ