ETV Bharat / state

Man-Elephant Conflict in Golaghat: গোলাঘাটত শালি ধানৰ পথাৰ উদং কৰিলে বন্যহাতীয়ে - বনৰীয়া হাতীৰ মুক্ত বিচৰণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱ (Man Elephant Conflict in Golaghat) ৷ ইয়াৰোপৰি অঞ্চলটোত হাতী-মানুহৰ খেদাখেদিৰ শিহৰণকাৰী দৃশ্য আবদ্ধ হৈছে কেমেৰাত (Wild elephant video) ।

wild-elephant-free-roaming-in-golaghat
গোলাঘাটত শালি ধানৰ পথাৰ উদং কৰিলে বন্যহাতীয়ে
author img

By

Published : Nov 9, 2022, 1:43 PM IST

গোলাঘাট, 9 নৱেম্বৰ: ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত বিগত দুটা মাহৰো অধিক কাল বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ ফলত উপায়ন্তৰ হৈ পৰিছে অঞ্চলবাসী ৷

গোলাঘাটত শালি ধানৰ পথাৰ উদং কৰিলে বন্যহাতীয়ে

স্থানীয় ৰাইজৰ মতে, বিগত কিছুদিনৰ আগলৈকে নিশাৰ ভাগত অঞ্চলটোৰ ধাননি পথাৰত ধান খাই দিনৰ ভাগত পথাৰৰ পৰা কাষৰীয়া চাহ বাগিচা অথবা হাবিত আশ্ৰয় লৈছিল এটা হাতীৰ জাক (Man Elephant Conflict in Golaghat) ৷ পিছে বিগত দুটা দিনত দিনে নিশাই হাতীৰ এই জাকটো দুটা ভাগত বিভক্ত হৈ নিগাজীকৈ ধাননি পথাৰতে থাকি এফালৰ পৰা ধাননি তহিলং কৰিছে ৷ ফলত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে কৃষক ৰাইজে ৷

ৰাইজে বিভিন্ন কৌশল অৱলম্বন কৰিও হাতীৰ জাকটোক এইপৰ্যন্ত খেদি পঠাবলৈ সক্ষম হোৱা নাই । ফলত অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ আনহাতে বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো উপস্থিত নহয় বন বিভাগৰ লোক ৷ এই বৃহৎ হাতীৰ জাকটো শালিখেতি সঁজাল ধৰাৰ সময়তে আহি খেতি চপোৱাৰ সময়তে এইদৰে উপদ্ৰৱ কৰি মুক্ত বিচৰণ কৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী (Wild elephant free roaming in Golaghat)।

ইয়াৰোপৰি অঞ্চলটোত হাতী-মানুহৰ খেদাখেদিৰ শিহৰণকাৰী দৃশ্য আবদ্ধ হৈছে কেমেৰাত (Wild elephant video) । একাংশ যুৱকে বন্যহস্তীৰ সৈতে ল'ৰা ধেমালি কৰা পৰিলক্ষিত হয় । ফলত যি কোনো মূহুৰ্তত ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

ইফালে বিহালীত অব্যাহত আছে হাতী মানুহৰ সংঘাত(Wild Elephant Terror at Behali)৷ বিগত এমাহ ধৰি হাতীয়ে বিহালীৰ দক্ষিণ অঞ্চলত চলাই গৈছে তাণ্ডৱ ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে খেতি পথাৰ নষ্ট কৰাৰ লগতে খাই তহিলং কৰিছে পথাৰৰ পকা ধান (Wild elephant attack in Biswanath) ৷ লগতে নষ্ট কৰি পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচা ৷

লগতে পঢ়ক: Illegal timber and timber mills seized: কামপুৰত অবৈধ কাঠসহ কাঠফলা মিল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.