ETV Bharat / state

প্ৰকৃতিৰ দুৰ্যোগ ৰোধৰ এক প্ৰয়াসঃ মেটেকাৰে নিৰ্মাণ আটকধুনীয়া সামগ্ৰী - ভোলাগুৰি গাঁৱৰ মহিলাসকলে মেটেকাৰে প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন সামগ্ৰী

গোলাঘাটৰ ভোলাগুৰি গাঁৱৰ মহিলাসকলে মেটেকাৰে প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন সামগ্ৰী ৷ বাঢ়নি পানী আৰু মেটেকাই ভোলাগুৰীবাসীৰ যাতায়তৰ মাধ্য়ম কাঠৰ দলংখন বাঢ়নি পানী আৰু মেটেকাই উটুৱাই নিয়াৰ শংকাত এই পদক্ষেপ গ্ৰহণ স্থানীয় মহিলাসকলৰ ৷

প্ৰকৃতিৰ দুৰ্যোগ ৰোধ কৰাৰ এক প্ৰয়োস
প্ৰকৃতিৰ দুৰ্যোগ ৰোধ কৰাৰ এক প্ৰয়োস
author img

By

Published : Feb 22, 2020, 5:30 PM IST

গোলাঘাট, 22 ফেব্ৰুৱাৰীঃ বিলৰ পৰা মেটেকা উঠাই ভোলাগুৰি গাঁৱৰ মহিলাসকলে মেটেকাৰে প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন সামগ্ৰী । 2018 চনৰ আগষ্ট মাহত নিপকোৰ বাঢ়নি পানী আৰু মেটেকাই ভোলাগুৰীবাসীৰ যাতায়তৰ বাবে থকা একমাত্ৰ কাঠৰ দলংখন উটুৱাই লৈ যায়। বিধায়ক মৃনাল শইকীয়াই মাত্ৰ 19 দিনৰ ভিতৰত মুকলি কৰা দলং খন উটুৱাই নিয়াৰ পিচত পুনৰ ব্যৱস্থা কৰে এখন নতুন দলঙৰ । শংকৰ বিলত অধিক মেটেকা হোৱাৰ বাবেই নতুনকৈ উদ্বোধন কৰা কাঠৰ দলং খন পুনৰ বাঢ়নি পানী আৰু মেটেকাই উটুৱাই নিয়াৰ শংকা স্থানীয় মহিলাসকলৰ। সেইবাবে মেটেকা ৰোধ কৰিবলৈ বিধায়ক গৰাকীৰ নেতৃত্বত শংকৰ বিলৰ মেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি উলিয়াইছে মহিলাসকলে । অৱশ্যে এই পদক্ষেপৰ জৰিয়তে গাঁৱৰ মহিলাসকল স্বাৱলম্বী হ’বলৈও এক পথৰ সন্ধান পাইছে । বিধায়ক মৃনাল শইকীয়া আৰু স্থানীয় মহিলাসকলৰ এই পদক্ষেপৰ শলাগ লৈছে সমগ্ৰ গোলাঘাটবাসীয়ে ।

মেটেকাৰে নিৰ্মাণ বিভিন্ন সামগ্ৰী

লগতে পঢ়কঃ তিনিটেকীয়াৰ বিশেষ শিৱমন্দিৰটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.