গোলাঘাট, 5 জানুৱাৰীঃ শনিবাৰে নিশা গোলাঘাট নগৰস্থিত শান্তিপুৰৰ ন'ভা ফাৰ্নিচাৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চুৰিকাণ্ড সংঘটিত কৰে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ চাটাৰৰ তলা ভাঙি চোৰে প্ৰতিষ্ঠানটোৰ ভিতৰত প্ৰৱেশ কৰে ৷
ন'ভা ফাৰ্নিচাৰচত চুৰিকাণ্ড ন'ভা ফাৰ্নিচাৰত চুৰিকাণ্ড জানিব পৰা মতে, চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ভিতৰত প্ৰৱেশ কৰি কেছ বক্সৰ পৰা 4 লক্ষাধিক টকা লুট কৰে ৷ দেওবাৰে পুৱা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে প্ৰতিষ্ঠান খুলিবলৈ অহাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু তেওঁলোকে আৰক্ষীক এই বিষয়ে অৱগত কৰে ৷ পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক -নগৰবেৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 6