গোলাঘাট, ৩১ জানুৱাৰী: গোলাঘাটৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰৰ পৰা আৰম্ভ হৈছে (Silver Jubilee of Shankardev Shishu Vidya Niketan)। গোলাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনে ইতিমধ্যে অতিক্ৰম কৰিছে গৌৰৱোজ্জল পঁচিশটা বছৰ । ২৫ বছৰীয়া সোণালী যাত্ৰাক সন্মান জনাই বিদ্যালয়খনে অনুষ্ঠিত কৰিছে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ ।
১৯৯৮ চনতে প্রতিষ্ঠা লাভ কৰা বিদ্যালয়খনে ২০২৩ চনত ২৫ টা বৰ্ষ অতিক্রম কৰি ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত । সেয়েহে উদুলি মুদুলি হৈছে বিদ্যালয়খনৰ বাকৰি । ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰা হয় । এই কাৰ্যসূচীত ২৫ খন পতাকা উত্তোলন কৰে ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে । তাৰ পিছতেই পৰ্যায়ক্ৰমে স্মৃতি তৰ্পন,বন্তি প্রজ্বলন আৰু বন্দনা আদি কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
ৰূপালী জয়ন্তী সমাৰোহৰ সৈতে সংগতি ৰাখি মঙলবাৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় । এই সাংস্কৃতিক শোভাযাত্রাই মুখৰিত কৰিলে গোলাঘাটৰ ৰাজপথ । সহস্রাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা এই শোভাযাত্রা উন্মোচন কৰে বিদ্যা ভাৰতী প্রান্তীয় নিৰীক্ষক দেৱদাস সিনহাই । অসমৰ থলুৱা-খিলঞ্জীয়া,জাতি-জনগোষ্ঠীৰ প্রতীকি সমাহাৰেৰে উলিওৱা শোভাযাত্রাই নগৰখন পৰিভ্ৰমণ কৰি মুখৰিত কৰি তোলে আকাশ-বতাহ ।
উল্লেখ্য় যে ১৯৯৮ চনত শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটৰ এটা ভাড়াঘৰত আৰম্ভ হৈছিল । বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে বিদ্যালয়খনে শিক্ষাৰ বিজয় ধ্বজাখন উৰুৱাই থাকিবলৈ সক্ষম হয় । ২৫ বছৰ বিদ্যালয়খনে কেৱল মানৱ সম্পদ গঢ়াৰ মাজেৰে সমাজৰ মাজত জিলিকি আছে । উল্লেখযোগ্য যে, বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষজোৰাকৈ 2022 চনত আৰম্ভ হয় । ইতিমধ্য়ে ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত হৈছে বিভিন্ন অনুষ্ঠান ।
এই উপলক্ষে যোৱা বৰ্ষৰ 30 জুনত মাতৃ সন্মিলন অনুষ্ঠিত হয় । ইয়াৰ পিছত যোৱা 15 আৰু 16 অক্টোবৰত বিভাগ ভিত্তিত পদাধিকাৰ সন্মিলন, 22 অক্টোবৰত চকু পৰীক্ষা শিৱিৰ আৰু চকুত ছানি পৰা ৰোগৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ কৰা হয় । আনহাতে,যোৱা 25 ডিচেম্বৰত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ আয়োজন কৰা হয় । তদুপৰি যোৱা 26 ডিচেম্বৰত গোলাঘাট নগৰৰ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা । যোৱা ৪ জানুৱাৰীত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয় ।
লগতে পঢ়ক:Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে