ETV Bharat / state

বক্সাৰ লাভলীনা বৰগোঁহাইলৈ "ধনশিৰি ৰত্ন বঁটা" - BOXER LOVELINA BURAGOHAIN

চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাইক প্ৰদান কৰে "ধনশিৰি ৰত্ন বঁটা"৷

SARUPATHAR, DHANSIRI RATNA TO BOXER LOVELINA BURAGOHAIN ETV BHARAT NEWS
বক্সাৰ লাভলীনা বৰগোঁহাইলৈ "ধনশিৰি ৰত্ন বঁটা"
author img

By

Published : Jun 25, 2020, 3:57 PM IST

গোলাঘাট, 25 জুনঃ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰদান কৰি অহা "ধনশিৰি ৰত্ন বঁটা" এইবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হয় ৷ বুধবাৰে এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে খেলুৱৈগৰাকীক | বৰপথাৰৰ বাৰমুখীয়াস্থিত নিজা বাসগৃহত লাভলীনাক বঁটা প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে |

বক্সাৰ লাভলীনা বৰগোঁহাইলৈ "ধনশিৰি ৰত্ন বঁটা"

চুতীয়া জনগোষ্ঠীৰ বীৰাংগনা সতী সাধনীৰ পূণ্য তিথি ৭ বহাগৰ দিনা পালন কৰা "সতী সাধনী দিৱসৰ" দিনা ধনশিৰি মহকুমা ছাত্ৰ সন্থাই "ধনশিৰি ৰত্ন বঁটা" আৰু "বীৰপাল বঁটা" প্ৰদান কৰি আহিছিল যদিও এইবাৰ কৰ'ণাৰ ভয়াৱহতাৰ বাবে বঁটা প্ৰাপকক নিজ নিজ বাহগৃহত গৈ সম্বৰ্ধনা জনায় ৷

এই বঁটা লাভ কৰি বক্সাৰ লাভলীনা বৰগোঁহায়ে কয় যে চুতীয়া ছাত্ৰ সন্থাই তেওঁক এই বঁটা প্ৰদান কৰাত যেন গধুৰ দায়িত্ব আহি পৰিল বুলি অনুভৱ কৰে | লক্ ডাউনৰ বাবে ঘৰতে থাকি অনুশীলন চলাই থকা লাভলীনাই ৬৯ কি.গ্ৰা.শাখাত আগন্তুক টকিঅ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব ৷
আনহাতে সৰুপথাৰৰ বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষক সিদ্ধেশ্বৰ শইকীয়াক "বীৰপাল বঁটা"ও প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাই ৷ ঘৰতে গৈ বিশিষ্ট শিক্ষকগৰাকীক এই বঁটা প্ৰদান কৰে সংগঠনটোৱে ৷
লগতে পঢ়কঃ কলকাতা আৰক্ষীলৈ গুৱাহাটীৰ সত্ৰ আদালতৰ পত্ৰ,গ্ৰেপ্তাৰ কৰক গৰ্গ চেটাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.