ETV Bharat / state

নিৰ্মাণৰ দুবছৰতেই বোকাখাত চিকিৎসালয়ৰ চাদ খহিল - Poor condition of Shaheed Kamala Miri Civil Hospital

শ্বহীদ কমলা মিৰি অসামৰিক মহকুমা চিকিৎসালয়ৰ(Poor condition of Swahid Kamala Miri Civil Hospital)নিৰ্মাণৰ দুবছৰ নৌওহওঁতেই খহিল চাদ । চিকিসালয়খনত কিছুদিনৰ পূৰ্বে নিশা মোবাইলৰ ফ্লাছ লাইট জ্বলাই চলাইছিল জৰুৰীকালীন চিকিৎসা ।

Poor condition of Shaheed Kamala Miri Civil Hospital
নিৰ্মাণৰ দুবছৰতেই বোকাখাতৰ চিকিৎসালয়ত খহিল চাদ
author img

By

Published : Aug 23, 2022, 11:41 AM IST

বোকাখাত, ২৩ আগষ্ট: চৰকাৰে স্বাস্থ্য় খণ্ডৰ ব্য়াপক উন্নয়ন হোৱা বুলি দাবী কৰিলেও বহুতো চিকিৎসালয়ৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ প্ৰকৃত ছবিখন । চৰকাৰে এনে দাবী কৰি থকাৰ মাজতেই বোকাখাতৰ এশখন বিচনাযুক্ত শ্বহীদ কমলা মিৰি অসামৰিক মহকুমা চিকিৎসালয়ৰ(Poor condition of Swahid Kamala Miri Civil Hospital)নিৰ্মাণৰ দুবছৰ নৌওহওঁতেই চাদত মেলিছে ফাঁট ।

নিৰ্মাণৰ দুবছৰতেই বোকাখাতৰ চিকিৎসালয়ত খহিল চাদ

এই চিকিৎসালয়খনত ৰোগীয়ে ব্যৱহাৰ কৰা বাথৰূমৰ লেতেৰা পানী চাদৰ ফঁটা অংশৰে বৈ পৰিছে আন ৰোগী বহা ঠাইত । ওপৰ মহলাৰ বাথৰূমৰ পানী তলৰ মহলাৰ চিলিং ফেনেৰে বৈ পৰাত দূৰ্গন্ধ আৰু কদৰ্য হৈ পৰিছে চিকিৎসালয়খন । উক্ত চিকিৎসালয়খনৰ পকী বেৰ, চাদৰ বীম আদি বহু ঠাইত মেলিছে বৃহৎ ফাঁট । চিকিৎসালয়খনলৈ অহা ৰোগী আৰু অভিভাৱকৰ মাজত ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য় যে শ্বহীদৰ নামত উৎসৰ্গিত মহকুমা চিকিসালয়খনত কিছুদিনৰ পূৰ্বে নিশা ম'বাইলৰ ফ্লাছ লাইট জ্বলাই চলাইছিল জৰুৰীকালীন চিকিৎসা । ৰাইজৰ অভিযোগ মতে জেনেৰেটৰত তেল ভৰাবলৈও অসমৰ্থ মহকুমা চিকিৎসালয়ৰ অধীক্ষকৰ লগতে স্বাস্থ্য বিষয়া ।

ইপিনে, এই চিকিৎসালয়খনৰ এনে অসহায় অৱস্থাৰ কথা স্বীকাৰ কৰিছে অধীক্ষকগৰাকীয়ে । অৱশ্য়ে তেওঁ শীঘ্ৰেই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় । লক্ষণীয় যে বোকাখাতৰ এই চিকিৎসালয়খন ঠিকাদাৰ টাৰিক হুছেইনে প্ৰায় দুবছৰ পূৰ্বে নিৰ্মাণ কৰিছিল(Scam in Shaheed Kamala Miri Civil Hospital construction)। কিন্তু দুবছৰ পিছতেই তিনি মহলাযুক্ত বোকাখাত মহকুমা চিকিৎসালয়খনৰ চাদ আৰু বেৰৰ যেনিয়ে তেনিয়ে ফাঁট মেলা অৱস্থাই উদঙাইছে ঠিকাদাৰৰ কামৰ নমূনা ।

লগতে পঢ়ক:স্বায়ত্ব ৰাজ্যৰ দাবীত কাৰ্বিপাহাৰত প্ৰতিবাদ কেইবাটাও সংগঠনৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.