গোলাঘাট, 5 এপ্ৰিলঃ ৰঙালীক আদৰাৰ পৰা পাছ হুঁহকি থকা নাই গোলাঘাটবাসীও ৷ গোলাঘাটৰ মইনাপাৰাত ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতিত ব্যস্ত জনসাধাৰণ । বিহুৰ কৰ্মশালাত ব্যস্ত কণ-কণ ছাত্ৰ-ছাত্ৰী, ডেকা -গাভৰু সকলোৱেই ।
মইনাপাৰা ৰাইজৰ সহযোগত আৰু উজ্জ্বলজ্যোতি যুৱ সংঘৰ সৌজন্যত মইনাপাৰা হাইস্কুল প্ৰাংগণত ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙালী বিহুৰ কৰ্মশালা। গোলাঘাট জিলাৰ জনপ্ৰিয় ঢুলীয়া জয়ন্ত কোঁৱৰ প্ৰশিক্ষক হিচাপে থকা এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে 250 গৰাকীকৈ কণ-কণ শিশুৰ লগতে ডেকা-গাভৰুৱে ৷ উঠি অহা প্ৰজন্ম বিহুৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰি আগবঢ়াই নিয়াৰ উদ্দেশ্যে প্ৰত্যেক বৰ্ষতেই এনদৰে বিহু কৰ্মশালা আয়োজন কৰি যাব বুলি জানিবলৈ দিয়ে আয়োজকসকলে ৷