গোলাঘাট, 4 ছেপ্তেম্বৰ : এন আৰ চি প্ৰকাশৰ পিছতে ৰাজ্যৰ কেউদিশে ৰঞ্জন গগৈ গ' বেক, ৰঞ্জন গগৈ মুৰ্দাবাদ ধ্বনি ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাক লৈ অসন্তুষ্ট একাংশই সাব্যস্ত কৰা প্ৰতিবাদত এতিয়া ৰঞ্জন গগৈ মুৰ্দাবাদ ধ্বনি ৷ নিজ গৃহ ৰাজ্যতে এতিয়া ৰোষৰ বলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ৷ গোলাঘাটত মঙলবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰা প্ৰতিবাদত দেখা গ'ল এই দৃশ্য ৷ ভিত্তিবৰ্ষ 1951 চন কৰাৰ দাবী উত্থাপন কৰি , 1971 চনক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে । প্ৰতিবাদস্থলীত দাহ কৰে এন আৰ চিৰ প্ৰতিলিপি । প্ৰতীক হাজেলা, ৰঞ্জন গগৈ গ' বেক, মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ । কিন্তু ক্ষোভ, অসন্তুষ্টি থাকিলেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ প্ৰতি এই ব্যৱহাৰ কিমান যুক্তিসংগত সেইয়া ৰাইজে বিবেচনা কৰিব ৷
গোলাঘাটত ৰঞ্জন গগৈ গ' বেক ধ্বনি - golaghat
ভিত্তিবৰ্ষ 1951 চন কৰাৰ দাবী ৷ এন আৰ চিৰ প্ৰতিলিপি দাহ ৷ প্ৰতীক হাজেলা, ৰঞ্জন গগৈ গ' বেক, মুৰ্দাবাদ শ্ল'গানেৰে উত্তাল পৰিবেশ
গোলাঘাট, 4 ছেপ্তেম্বৰ : এন আৰ চি প্ৰকাশৰ পিছতে ৰাজ্যৰ কেউদিশে ৰঞ্জন গগৈ গ' বেক, ৰঞ্জন গগৈ মুৰ্দাবাদ ধ্বনি ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাক লৈ অসন্তুষ্ট একাংশই সাব্যস্ত কৰা প্ৰতিবাদত এতিয়া ৰঞ্জন গগৈ মুৰ্দাবাদ ধ্বনি ৷ নিজ গৃহ ৰাজ্যতে এতিয়া ৰোষৰ বলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ৷ গোলাঘাটত মঙলবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰা প্ৰতিবাদত দেখা গ'ল এই দৃশ্য ৷ ভিত্তিবৰ্ষ 1951 চন কৰাৰ দাবী উত্থাপন কৰি , 1971 চনক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে । প্ৰতিবাদস্থলীত দাহ কৰে এন আৰ চিৰ প্ৰতিলিপি । প্ৰতীক হাজেলা, ৰঞ্জন গগৈ গ' বেক, মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ । কিন্তু ক্ষোভ, অসন্তুষ্টি থাকিলেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ প্ৰতি এই ব্যৱহাৰ কিমান যুক্তিসংগত সেইয়া ৰাইজে বিবেচনা কৰিব ৷
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।