ETV Bharat / state

গোলাঘাটত 20 বছৰে দুৰ্বিসহ জীৱন-যাপন এটি দৰিদ্ৰ পৰিয়ালৰ

author img

By

Published : May 25, 2020, 3:14 PM IST

গোলাঘাট জিলাৰ ২ নং দৈগ্ৰোঙত 20 বছৰে চৰকাৰৰ কোনো উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল ৷ দীৰ্ঘদিন ধৰি দিন হাজিৰা কৰিয়েই পোহপাল দি আহিছে 6 জনীয়া পৰিয়ালটোক ৷ কোনো কান-সাৰ নাই স্থানীয় জন-প্ৰতিনিধিৰ ৷

ETV BHARAT
গোলাঘাটত 20 বছৰে দুৰ্বিসহ জীৱন-যুদ্ধ এটা দৰিদ্ৰ পৰিয়ালৰ

গোলাঘাট, 25 মেঃ গোলাঘাটৰ ২ নং দৈগ্ৰোং গাঁৱত দৰিদ্ৰতাই কোঙা কৰা এটা দুৰ্ভগীয়া পৰিয়ালে দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ এসাজ খাই এসাজ নাখাই পোহপাল দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে পৰিয়ালটোৰ ৷

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোট চৰকাৰখনে ৰাজ্যৰ উন্নয়ণৰ নামত ঢাক-ঢোল বজাই থকাৰ সময়তেই গোলাঘাটৰ ২ নং দৈগ্ৰোঙত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি ৷ দেখিবলৈ পোৱা গৈছে উন্নয়নৰ নামত চৰকাৰে কৰা প্ৰতাৰণা আৰু বঞ্চনা ৷

20 বছৰ ধৰি চৰকাৰৰ কোনো উন্নয়নৰ আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক । তথাপিও দুৰ্বিসহ জীৱন যুদ্ধ অব্যাহত ৰাখিছে পৰিয়ালটোৱে । ৪টাকৈ দেৱ শিশুক লৈ এখন জোৰা টাপলি দিয়া চালিৰ তলত ৰ'দ বতাহ-বৰষুণৰ মাজতেই বাস কৰি আহিছে দুখীয়া পৰিয়ালটোৱে ৷ কেতিয়াবা যদি এসাজ খাইছে আকৌ কেতিয়াবা নোখোৱাকৈয়ে ভোকে লঘোণে আছে পৰিয়ালটো ৷ শুবলৈ নাই এখন বিচনা ৷ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোৰ নাই ৰেচন কাৰ্ড, নাই চৰকাৰী আঁচনিৰ ঘৰ, নাই অনাময় আঁচনিৰ কোনো শৌচালয় ।

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মুকুন্দ তাঁতী আৰু ৰাখী তাঁতীয়ে যোৱা 20 বছৰে এইখন ঘৰতে কটাব লগা হৈছে জীৱন । নিৰ্বাচনৰ সময়ত সকলো দলৰ জনপ্ৰতিনিধিয়ে ভোট ভিক্ষা কৰিবলৈ আহি কেৱল আশ্বাস দিয়েই দায়িত্ব সামৰে । এইয়া কেৱল এক উদাহৰণহে মাত্ৰ । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ দৈগ্ৰোঙ পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও পৰিয়ালে এনেদৰেই জীৱন অতিবাহিত কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে যদিও সৰুপথাৰ সমষ্টিৰ স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীৰ চকুত পৰা নাই এই দৃশ্য ৷ এতিয়া স্থানীয় জনপ্ৰতিনিধিয়ে যদি সমষ্টিবাসীৰ কথা চিন্তা নকৰে চিন্তা কৰিব কোনে ? তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন সাধাৰণ জনতাৰ ৷

লগতে পঢ়ক- নগাঁৱত জীৱন্তে জ্বলাই হত্যা মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.