ETV Bharat / state

PHE Assam temporary workers : চৰকাৰে সমস্যা সমাধান নকৰিলে আত্মজাহৰ হুংকাৰ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

author img

By

Published : Nov 7, 2022, 1:37 PM IST

অস্থায়ী চিকিৎসা কৰ্মীৰ সমস্যা সমাধান নকৰিলে আত্মজাহৰ হুংকাৰ । বোকাখাতত সদৌ অসম চৰকাৰী চিকিৎসালয় স্বাস্থ্য কৰ্মচাৰী সন্থা(PHE Assam temporary workers)ই সংবাদমেল সম্বোধন কৰি এই হুংকাৰ প্ৰদান কৰে ।

PHE Assam temporary workers
চৰকাৰে সমস্যা সমাধান নকৰিলে আত্মজাহৰ হুংকাৰ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

বোকাখাত, 7 নৱেম্বৰ : চৰকাৰী চিকিৎসালয়ত কৰ্মৰত অস্থায়ী চিকিৎসা কৰ্মীৰ সমস্যা সমাধান নকৰিলে আত্মজাহৰ হুংকাৰ । বোকাখাতত সদৌ অসম চৰকাৰী চিকিৎসালয় স্বাস্থ্য কৰ্মচাৰী সন্থা(PHE Assam temporary workers)ই সংবাদমেল সম্বোধন কৰি এই হুংকাৰ প্ৰদান কৰে ।

মাত্ৰ 1000ৰ পৰা 4000 টকা দৰমহাৰে কৰ্তব্য সম্পাদন কৰি আহিছে ৰাজ্যৰ হাজাৰ হাজাৰ অস্থায়ী কৰ্মচাৰীয়ে ৷ বিগত সময়ত ক’ভিড মহামাৰীয়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে অগণন লোকৰ মৃত্যু হোৱাৰ সময়তো নিস্তাৰে সেৱা অব্যাহত ৰাখিছিল ৷ কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে আজিকোপতি নিয়মীয়াকৰণ নকৰিলে এইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি (Regularization of Assam temporary workers) ৷ কেৱল মাত্ৰ মাহিলী সৰ্বাধিক 4000 টকাৰ বিনিময়ত ব্যৱহাৰ কৰি আহিছে অস্থায়ী স্বাস্থ্যকৰ্মী সকলক ৷

অস্থায়ী স্বাস্থ্যকৰ্মীসকলে বিগত বহু সময়ত তেওঁলোকৰ অভাৱ-অভিযোগসমূহ সমাধানৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও এই পৰ্যন্ত কোনো এজন মন্ত্ৰী অথবা মুখ্যমন্ত্ৰীয়ে এই দাবীসমূহৰ সন্দৰ্ভত মতামত প্ৰকাশ কৰা নাই ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম চৰকাৰী চিকিৎসালয় স্বাস্থ্য কৰ্মচাৰী সন্থা ৷

দেওবাৰে বোকাখাতত সদৌ অসম চৰকাৰী চিকিৎসালয় স্বাস্থ্য কৰ্মচাৰী সন্থা(HMC)ই সংবাদমেল সম্বোধন কৰি পুনৰবাৰ চৰকাৰৰ প্ৰতি কেইবাটাও দাবী উত্থাপন কৰে ৷ সন্থাই জনোৱা দাবীসমূহৰ অন্যতম- চিকিৎসা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা(Assam PHE volunteers demand regularization), ক’ভিড পৰিস্থিতিৰ সময়চোৱাত কৰ্মৰত অস্থায়ী স্বাস্থ্য কৰ্মীসকলক স্বাস্থ্য বীমাৰ আওতালৈ আনি নিৰাপত্তা প্ৰদান কৰা, অস্থায়ী কৰ্মচাৰীসকলৰ বাবে চৰকাৰী আৱাসগৃহৰ ব্যৱস্থা কৰা ইত্যাদি ।

ইয়াৰোপৰিও স্বাস্থ্য বিভাগত কম বেতনেৰে কৰ্তব্য কৰি থকা ৰাজ্যখনৰ প্ৰায় চাৰিহাজাৰ অস্থায়ী স্বাস্থ্যকৰ্মীকো উচিত মজুৰি প্ৰদান কৰাৰ বাবে বোকাখাতত অনুষ্ঠিত সংবাদমেলখনৰ জৰিয়তে চৰকাৰক দাবী জনায় ।

আনহাতে প্ৰাপ্য মজুৰীৰ দাবীৰে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে অস্থায়ী কৰ্মচাৰীসকলে ৷ এই প্ৰতিবাদ দিল্লী পৰ্যন্ত হোৱাৰ লগতে প্ৰয়োজন হ’লে আত্মজাহৰো ভাবুকি প্ৰদান কৰে সদৌ অসম অস্থায়ী স্বাস্থ্যকৰ্মী সন্থাই ৷

লগতে পঢ়ক : LSA organized awareness meeting: বিশ্বনাথ জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.