ETV Bharat / state

Agarwood thief in Golaghat : সাঁচিগছ চোৰৰ আক্ৰমণত আহত গাঁওৰক্ষী বাহিনীৰ সদস্য

author img

By

Published : Jan 11, 2023, 12:30 PM IST

গোলাঘাটত সাঁচিগছ চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Agarwood thief terror in Golaghat)। শিয়ালেখাটি অঞ্চলত চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে গাঁওৰক্ষী বাহিনীৰ সদস্যক । এটা চোৰক কৰায়ত্ত কৰে ৰাইজে ।

Agarwood thief in Golaghat
সাঁচিগছ চোৰৰ আক্ৰমণত আহত গাঁওৰক্ষী বাহিনীৰ সদস্য
গোলাঘাটত সাঁচিগছ চোৰৰ উপদ্ৰৱ বৃদ্ধি

গোলাঘাট,১১ জানুৱাৰী : অসমত সাঁচিগছৰ যথেষ্ট চাহিদা আছে (Demand of agarwood in Assam)। বহুলোকে এই সাঁচিগছৰ খেতিৰে স্বাৱলম্বী হোৱা দেখা যায় । বজাৰত সাঁচিগছৰ মূল্যও যথেষ্ট । যাৰ বাবে এই গছ প্ৰায়ে চোৰৰ লক্ষ্য হৈ পৰে । বিভিন্ন সময়ত সাঁচিগছ চুৰিৰ ঘটনা সংঘটিত হয় । বিশেষকৈ গোলাঘাট জিলাত সাঁচিগছ চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । যাৰ বাবে গাঁওসমূহত বিশেষ পহৰাৰ ব্যৱস্থা কৰা হয় । গাঁওৰক্ষী বাহিনীও সষ্টম হৈ থাকে ।

ইয়াৰ মাজতে মঙলবাৰে নিশা জিলাখনৰ দোলাষৰীয়াৰ শিয়ালেখাটিত চাঞ্চল্যকৰ ঘটনা । সাঁচিগছ চুৰি কৰিবলৈ আহি গাঁওৰক্ষী বাহিনীৰ জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰেলে চোৰে । চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সদা দাস নামৰ গাঁওৰক্ষী বাহিনীৰ এগৰাকী সদস্য । সংকটজনক অৱস্থাত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গাঁওৰক্ষী বাহিনীৰ সদস্য (VDP member injured in Golaghat)।

নিশাৰ আন্ধাৰৰ সুযোগ লৈ বিজিত গগৈ নামৰ এগৰাকী লোকৰ ঘৰত সাঁচিগছ চোৰ কৰিবলৈ আহিছিল চোৰৰ দল । কিন্তু গাঁওৰক্ষী বাহিনীয়ে চোৰক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰোতেই চোৰে আক্ৰমণ কৰে গাঁওৰক্ষী বাহিনীৰ সদস্যজনক । অৱশ্যে পৰৱৰ্তী সময়ত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে কৌশলেৰে এটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Agarwood thief arrested in Golaghat)। কিন্তু চোৰৰ দলটোৰ দুজন সদস্য এখন বাহনেৰে পলায়ন কৰে ।

জানিব পৰা মতে AS-05-C-7877 নম্বৰৰ এখন বলেৰ' পিক আপ বাহনত দোলাকাষৰীয়াৰ শিয়ালেখাটিৰ বিজিত গগৈৰ গৃহত সাঁচিগছ চোৰ কৰিবলৈ আহিছিল তিনিটা চোৰ । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ঘটনাৰ উমান পাই চোৰক হাতে-লোটে ধৰিবলৈ জাল পেলাইছিল । কিন্তু গাঁওৰক্ষী বাহিনীক দেখি বাহনখনেৰে পলাবলৈ উদ্যত হৈ পৰে সাঁচিগছ চোৰৰ দলটো ।

তেনে সময়তে বাহনৰ ভিতৰৰ পৰা চোৰকেইটাক বাহিৰলৈ উলিয়াই আনিবলৈ ল‌ওঁতেই স্থানীয় গাঁওৰক্ষী বাহিনীৰ সদস্য সদা দাসক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে চোৰৰ দলটোৱে । ফলত গুৰুতৰভাৱে আহত হয় সদা দাস (Agarwood thief attacked VDP member)। ততাতৈয়াকৈ সদা দাসক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইফালে, চোৰৰ দলটোক খেদি যায় উপস্থিত ৰাইজ তথা গাঁওৰক্ষী বাহিনীৰ বাকী সদস্য‌ই ।

অৱশেষত চোৰৰ দলটোৰ এটাক কৌশলেৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৰাইজ । ধৃত চোৰটোৰ স্বীকাৰোক্তি অনুসৰি কাকডোঙাৰ নিৱাসী দ্বীপেন দাস আৰু বাবু দাস নামৰ দুই বন্ধুৰ সৈতে আহিছিল । ইফালে ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা কমাৰবন্ধা আৰক্ষীক চোৰটোক গতাই দিয়া হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তও আৰম্ভ কৰিছে ।

উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনে সাঁচিগছ চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে । ইয়াৰ পূৰ্বেও বিজিত গগৈৰ ঘৰত বিক্ৰীৰ বাবে সাজু কৰি ৰখা ১১ জোঁপা সাঁচিগছ লৈ গৈছিল চোৰে ।

লগতে পঢ়ক :Pabho Reserve Forest eviction 2nd day : দ্বিতীয় দিনাও পাভ বনাঞ্চলত চলিল প্ৰশাসনৰ বুলডজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.