খুমটাই, 7 জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত খুমটাইৰ মৌখোৱা গাঁৱৰ চফিউদ্দিন আহমেদ আৰু চুমচুন নাহাৰৰ কন্যা কুলচোমা বেগমে সকলো বাধা নেওচি আটাইকেইটা বিষয়ত লেটাৰসহ মুঠ ৫১৫ নম্বৰেৰে ডিষ্টিংচন লাভ কৰে ৷ কুলচোমাৰ পিতৃৰ এটি দুৰ্ঘটনাত শাৰীৰিকভাৱে অসুস্থ হৈ প্ৰায় পোন্ধৰ বছৰে বিছনা আৰু হুইল চেয়াৰত থাকিবলগীয়া হোৱা বাবেই ৰুগীয়া মাতৃয়ে বহু কষ্টৰে পৰিয়ালটো কোনোমতে পোহপাল দি আহিছে ৷
শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ সেই কথা প্ৰমাণ কৰি দেখুৱালে খুমটাইৰ কুলচোমাই ৷ ঘৰৰ সকলো কাম কৰিও পঢ়া-শুনাত অধিক আগ্ৰহেৰে মনযোগ দিছিল কুলচোমাই ৷ খুমটাইৰ মৌখোৱা গাঁৱৰ এইগৰাকী মেধাৱী ছাত্ৰীৰ এনে সাফল্যই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মাক দেউতাক শাৰীৰিকভাৱে অসুস্থ বাবেই ভৱিষ্যতে চিকিৎসা সেৱাৰ লগত জড়িত হৈ ৰাইজক সেৱা কৰাৰ আশা পুহি ৰাখিছে কুলচোমাই ৷ কিন্তু দৰিদ্ৰতাৰ বাবেই সপোন পূৰ হোৱাৰ স্বাৰ্থত এতিয়া চৰকাৰ তথা দল সংগঠনৰ পৰা সহায় বিচাৰিছে কুলচোমা লগতে পৰিয়ালৰ লোকে ৷
লগতে পঢ়কঃ কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ অনুদান ওৰাঙৰ চাৰি ছাত্ৰীৰ