ETV Bharat / state

গোলাঘাট পৌৰসভাই ভূমি আৱন্টন দিয়াক লৈ খেলিমেলি

author img

By

Published : May 16, 2020, 4:01 PM IST

গোলাঘাট পৌৰসভাৰ পৌৰপতি জুৰি দাস ৰাজখোৱাই নীতি-বহিৰ্ভূত ভাৱে অনুমতি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ।পৌৰপতি জুৰি দাস ৰাজখোৱাই নীতি-বহিৰ্ভূত ভাৱে অনুমতি প্ৰদান কৰাৰ অভিযোগ একাংশ স্থানীয় লোকৰ ৷

ETV BHARAT
গোলাঘাট পৌৰসভাই ভূমি আৱন্টন দিয়াক লৈ খেলিমেলি

গোলাঘাট, 16 মেঃ গোলাঘাটত পৌৰসভাই ভূমি আৱন্টন দিয়াক লৈ ব্যাপক খেলি-মেলি ৷ পৌৰসভাই গোলাঘাট নগৰত চৰকাৰী ভূমি অনাধিকাৰ অনুমতি প্ৰদান কৰাক লৈ দয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে ৷

বৰ্তমান গোলাঘাটত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো পৌৰসভাৰ দুৰ্নীতি। এইবাৰ গোলাঘাট পৌৰসভাই আৱন্টন দিয়া ভূমিক লৈ প্ৰতিক্ৰিয়া। গোলাঘাটৰ ৰাজহুৱা শৌচাগাৰৰ সীমাৰেখাৰ বেৰৰ ভিতৰত অস্থায়ী ব্যৱসায়ী প্ৰতিষ্ঠানৰ বাবে অনুমতি প্ৰদান গোলাঘাট পৌৰসভাৰ। পৌৰসভাৰ পৌৰপতি জুৰি দাস ৰাজখোৱাই নীতি-বহিৰ্ভূত ভাৱে অনুমতি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই অনুমতিৰ পিছতেই আবেদনকাৰী অতনু শৰ্মাই ৰাজহুৱা শৌচাগাৰৰ চাৰিসীমাৰ ওৱাল ভাঙি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ লওতেই পূৰ্বৰ শৌচাগাৰৰ নিবেদনকাৰীয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে চৰকাৰী ভূমিত অনাধিকাৰ অনুমতি প্ৰদান কৰিছে গোলাঘাট পৌৰসভাই। প্রকৃততে অতনু শৰ্মা নামৰ লোক জনে কি দৰে, কি পৰিস্থিতিত ভূমি আৱন্টন লাভ কৰিলে সেই বিষয়টো তদন্ত কৰিলেহে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত ৰহস্য। অতি শীঘ্ৰে এই ঘটনাটো তদন্ত কৰিবলৈ আহ্বান একাংশ সচেতন মহলৰ ৷

লগতে পঢ়ক- বিটিএডিত দুৰ্নীতিৰ অভিযোগ, চিবিআইক তদন্তৰ দাবী ইউ পি পি এলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.