ETV Bharat / state

ধনশিৰি নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

author img

By

Published : Feb 2, 2021, 10:46 PM IST

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বৰচাপৰি আৰু কমাৰগাওঁ-ঠেঙাল গাওঁ সংযোগী ধনশিৰি নৈৰ ওপৰত ৰাইজে নিৰ্মান কৰি উলিয়ালে এখন বাহঁৰ দলং ৷ মঙলবাৰে গাঁৱৰ ৰাইজ একত্ৰিত হৈ দলঙখনৰ শুভ উদ্বোধন কৰে ৷

as_glt_dhansiri-river-bamboo-bridge_vis_as10024
ধনশিৰি নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

গোলাঘাট,2 ফেব্ৰুৱাৰী: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বৰচাপৰি আৰু কমাৰগাওঁ-ঠেঙাল গাওঁ সংযোগী ধনশিৰি নৈৰ ওপৰত ৰাইজে নিৰ্মান কৰি উলিয়ালে এখন বাহঁৰ দলং ৷ মঙলবাৰে গাঁৱৰ ৰাইজ একত্ৰিত হৈ দলঙখনৰ শুভ উদ্বোধন কৰে ৷ স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো এখন স্থায়ী দলং নোহোৱাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক পৰিয়ালে দীৰ্ঘদিন যোগাযোগৰ ক্ষেত্ৰত দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে ৷

ধনশিৰি নৈৰ বুকুৱেদি বাৰিষাৰ দিনত বিপদসংকুল পৰিস্থিতিত নাঁৱত উঠি কৃষক তথা ছাত্ৰ ছাত্ৰীয়ে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ খৰালিত বাঁহৰ দলঙেৰে যাতায়ত ব্যৱস্থা কৰা হয় যদিও এইয়া মাত্ৰ তিনিমাহৰ বাবেহে অব্যাহত থাকে ৷ মঙলবাৰে দলঙখনৰ উদ্বোধনী অনুস্থানত বিজেপিৰ নেতা বিশ্বজিৎ ফুকন, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষা হৰপ্ৰভা ঠেঙাল আৰু মৰঙি জিলা পৰিষদ সমষ্টিৰ সদস্যা পূৰৱী শৰ্মাৰ উপৰিও শতাধিক গাওঁবাসী উপস্থিত থাকে ।

লগতে পঢ়ক-ভয় আৰু শংকাত দিন অতিবাহিত কৰিছে মেঘালয়ৰ 'হৰিজন কলনী'ৰ 2500 শিখ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.