ETV Bharat / state

কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল নুমলীগড়

বিজেপি চৰকাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ পাচতেই প্ৰতিবাদৰ জুই জ্বলাইছে নুমলীগড়ত ৷ আজি প্ৰতিবাদত নামিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়ালৈ

প্ৰতিবাদত কংগ্ৰেছ
author img

By

Published : Oct 30, 2019, 5:26 PM IST

Updated : Oct 30, 2019, 5:44 PM IST

গোলাঘাট, 30 অক্টোবৰ: পুনৰ প্ৰতিবাদমুখী হৈ পৰিছে নুমলীগড়ৰ চহৰ ৷ নুমলীগড় তেল শোধানাগাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে বুধবাৰে নুমলীগড় তিনিআলিত প্ৰতিবাদত নামি পৰিল বিভিন্ন দল-সংগঠন ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ,ৰকিবুল হুছেইন ,বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ,সাংসদ গৌৰৱ গগৈ, অজন্তা নেওগ, ৰজলিনা তিৰ্কী, বিস্মিতা গগৈৰ লগতে বিভিন্ন দল-সংগঠনৰ শতাধিক প্ৰতিবাদকাৰী ৷ প্ৰতিবাদৰ লগতে সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰে সংগঠনসমূহে।

নুমলীগড় তেল শোধনাগাৰ

উল্লেখ্য যে, বিজেপি চৰকাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ পাচতেই প্ৰতিবাদত উত্তাল হৈ পৰে নুমলীগড় তিনিআলি। বি.পি.চি.এল (BPCL) বিক্ৰী হোৱা ঘোষণাই বৰ্তমান প্ৰতিবাদৰ জুই জ্বলাইছে নুমলীগড়ত । কেন্দ্ৰীয় কেবিনেটে বি.পি. চি.এলৰ (BPCL) NRL ত থকা প্ৰায় ৬২ শতাংশ অংশীদাৰীত্ব বিক্ৰীৰ ঘোষণাৰ পাচতেই এতিয়া জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন ।

Intro:গোলাঘাট নুমলীগড়ত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ।বিজেপি চৰকাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ নুমলীগড় তিনিআলিত ।বি.পি. চি.এল (BPCL)বিক্ৰী হোৱাৰ ঘোষণাৰ পাছতেই প্ৰতিবাদৰ জুই জ্বলিছে নুমলীগড়ত ।
কেন্দ্ৰীয় কেবিনেটে লোৱা বি.পি. চি.এল (BPCL)বিক্ৰীৰ হঠকাৰী সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন।আজি নুমলীগড় তিনিআলিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।বিজেপি চৰকাৰ বিৰোধী শ্লোগানৰে কঁপাই তোলে নুমলীগড় । কেন্দ্ৰীয় কেবিনেটে  বি.পি. চি.এলৰ (BPCL) NRL ত  থকা প্ৰায় ৬২ শতাংশ  আশীদাৰীত্ব বিক্ৰীৰ ঘোষণাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন ।আজি প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত লোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ,ৰকিবুল হুছেইন ,বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ,সাংসদ গৌৰৱ  গগৈ,অজন্তা নেওগ,ৰজলিনা তিৰ্কী,বিস্মিতা গগৈ উপস্থিত থাকে । লগতে সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰে । প্ৰায় আধাঘণ্টা যাতায়ত আচল হৈ পৰেBody:Byte 1,2: অজন্তা নেওগ/গৌৰৱ গগৈConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat ,অসম
Last Updated : Oct 30, 2019, 5:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.