ETV Bharat / state

Golaghat Agri Scam: গোলাঘাটৰ কৃষি বিভাগৰ কেলেংকাৰী অভিযোগৰ তদন্ত আৰম্ভ

author img

By

Published : Dec 16, 2022, 10:03 PM IST

ৰাজ্যৰ কৃষি বিভাগৰ অতিৰিক্ত সচিব তেজপ্ৰসাদ ভোষালৰ নেতৃত্বত এজনীয়া তদন্তকাৰী দলে আৰম্ভ কৰিছে গোলাঘাট কৃষি বিভাগৰ কেলেংকাৰীৰ অভিযোগৰ তদন্ত । অভিযোগকাৰী কৃষক আৰু বিধায়ক মৃণাল শ‌‌ইকীয়াক(MLA Mrinal Saikia) সোধ-পোচ তদন্তকাৰী বিষয়াৰ । কৃষি বিভাগৰ সঞ্চালকৰ(Director of agriculture department) নিৰ্দেশত চলিছে এই কেলেংকাৰীৰ তদন্ত ৷

Golaghat agri scam
গোলাঘাটৰ কৃষি বিভাগৰ কেলেংকাৰীৰ তদন্ত আৰম্ভ

গোলাঘাট, 16 ডিচেম্বৰ: গোলাঘাটৰ কৃষি বিভাগৰ কেলেংকাৰীৰ নতুন মোৰ(Golaghat agri scam) ৷ বিধায়ক মৃনাল শ‌‌ইকীয়াৰ অভিযোগৰ তদন্তৰ বাবে আজি গোলাঘাটত উপস্থিত হ'ল কৃষি বিভাগৰ এজনীয়া তদন্তকাৰী দল । ৰাজ্যৰ কৃষি বিভাগৰ অতিৰিক্ত সচিব তেজপ্ৰসাদ ভোষালৰ নেতৃত্বত এজনীয়া তদন্তকাৰী দলে আৰম্ভ কৰিছে অভিযোগৰ তদন্ত(Investogation of Golaghat agri scam) । অভিযোগকাৰী কৃষক আৰু বিধায়ক মৃণাল শ‌‌ইকীয়াক(MLA Mrinal Saikia) সোধ-পোচ তদন্তকাৰী বিষয়াৰ । কৃষি বিভাগৰ সঞ্চালকৰ(Director of agriculture department) নিৰ্দেশত চলিছে এই কেলেংকাৰীৰ তদন্ত ৷

গোলাঘাটৰ শেনচোৱা চক্ৰৰ বিতৰ্কিত কৃষি সম্প্ৰসাৰণ সহায়ক হৰেন শ‌‌ইকীয়াৰ(Allegation against Horen Saikai) বিৰুদ্ধে ইতিমধ্যে বহু তথ্য লাভৰ ইংগিত তদন্তকাৰী দলটোৰ । তদন্ত চলিব গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ৰ চৰ্চাৰ শীৰ্ষত থকা অন্যান্য বিষয়াসকলৰ বিৰুদ্ধেও ৷ তদন্তৰ আওতালৈ আহিব লগা বিষয়াকেইগৰাকী ক্ৰমে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, ৰঞ্জন বৰুৱা, উদ্যানশস্য বিভাগৰ ন'ডেল অফিচাৰ মৃদুল শৰ্মা ৷

উল্লেখ্য যে, তিনিদিন পূৰ্বে গোলাঘাটৰ কৃষি বিভাগত(Golaghat agriculture office) ভয়ংকৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিধায় মৃণাল শইকীয়াই ৷ বিনোদ গগৈ নামৰ এগৰাকী কৃষকে প্ৰথমে উত্থাপন কৰিছিল কেলেংকাৰী গুৰুতৰ অভিযোগ ৷ সাধাৰণ কৃষকে এটা চহীৰ বাবে তাঁতবাতি কৰিব লাগে কৃষি বিষয়াৰ কাৰ্যালয়লৈ, ৫০০ টকা নিদিলে BLW এ কৃষকৰ কাম নকৰাৰ অভিযোগ উত্থান হৈছিল গোলাঘাট জিলা কৃষি বিভাগৰ বিৰুদ্ধে ৷

গুদামত দ'মে দ'মে বীজ পৰি থকাৰ পাছতো নানা অজুহাতত কৃষকক প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছিল ৷ বিনোদ গগৈ নামৰ কৃষকগৰাকীৰ অভিযোগৰ ভিত্তিতেই গোলাঘাট জিলা কৃষি বিষয়াক জবাবদিহি কৰিছিল বিধায়ক মৃণাল শইকীয়াই ৷

এই ঘটনাৰ পিছতে এতিয়া এজনীয়া তদন্তকাৰী দলে আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে, গোলাঘাট কৃষি বিভাগত কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ‘‘কৃষি বিভাগত এতিয়াও কেলেংকাৰী হৈ আছে বুলি মনে নধৰে’’ বুলি নিজৰ বিভাগ আৰু আত্মপক্ষ সমৰ্থনত মন্তব্য আগবঢ়াইছিল মন্ত্ৰী অতুল বৰাই(Minister Atul Bora) ৷

লগতে পঢ়ক: Agriculture Department Scam: বৰ্তমান এজন বিধায়কৰো একো ক্ষমতা নাই ! মৃণাল শইকীয়াৰ বিষোদগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.