ETV Bharat / state

ধনশিৰি নৈৰ গৰাখহনীয়াৰ কবলত নুমলীগড়বাসী

author img

By

Published : May 30, 2021, 10:29 PM IST

নুমলীগড়ৰ সমীপৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ বৰগৰীয়া নেপালী চুক অঞ্চলত ধনশিৰিত নৈত তীব্ৰ গৰাখহনীয়া ৷ ভেটি-মাটিৰ লগতে বহুকেইটা পৰিয়ালৰ বাসগৃহ জাহ গৈছে ধনশিৰি নৈৰ বুকুত ।

erosion-in-numaligarh
গৰাখহনীয়াৰ কবলত নুমলীগড়বাসী

গোলাঘাট, 30 মে’: বাৰিষাৰ সময়চোৱাত ধনশিৰি নৈৰ প্ৰবল গৰাখহনীয়াই আতংকিত কৰিছে নুমলীগড়বাসী ৰাইজক । গৰাখহনীয়াৰ বাবে নুমলীগড়ৰ সমীপৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ বৰগৰীয়া নেপালী চুক অঞ্চলৰ ৰাইজে এতিয়া আশ্ৰয় লৈছে নিৰাপদ স্থানত ৷ ভেটি-মাটিৰ লগতে বহুকেইটা পৰিয়ালৰ বাসগৃহ ইতিমধ্যে জাহ গৈছে ধনশিৰি নৈৰ বুকুত ।

গৰাখহনীয়াৰ কবলত নুমলীগড়বাসী

খহনীয়াৰ ফলত প্ৰায় 20 টাতকৈও অধিক পৰিয়ালে ইতিমধ্যে অঞ্চলটোৰ পৰা স্থানান্তৰিত হৈছে নিৰাপদ স্থানলৈ । বহু বছৰ ধৰি হৈ থকা ধনশিৰি নৈৰ গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ বৰগৰীয়া নেপালীখুটি প্ৰাথমিক বিদ্যালয়খনো পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰিত কৰা হৈছে ।

সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উক্ত অঞ্চলটোৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত পূৰ্বৰ বিধায়িকা ৰ’জলীনা তিৰ্কীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । লগতে জলসম্পদ বিভাগ অথবা জিলা প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে অঞ্চলটো ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হ’ব বুলিও আশংকা কৰিছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক : বৰপেটা আৰক্ষীৰ জালত 3 ড্ৰাগছ ব্য়ৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.