গোলাঘাট,19মে’: দেশত ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ ৰাজ্যতো এতিয়া ক্ৰমাত ক’ভিড পৰিস্থিতি জটিলৰ পৰা জটিলটালৈ গতি কৰিছে ৷ তাৰ মাজেত গোলাঘাটৰ খুমটাই চাহ বাগিচাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷
ঘটনা অনসুৰি, খুমটাই চাহ বাগিচাৰ একাংশ ক্ষুদ্ধ শ্ৰমিকে বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰে । বাগিচা খনত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক ক’ভিড-19 পজিটিভত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে শ্ৰমিক সকল । শ্ৰমিক সকলৰ অভিযোগ অনুসৰি মহিলা গৰাকীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ ফলতে মৃত্যু হৈছে ৷
মনকৰিবলগীয়ে যে, বিগত ১৪ মে'ত মহিলা গৰাকীৰ শৰীৰত ধৰা পৰিছিল কভিড-19 ৰ অৱস্থিতি। তেতিয়াৰ পৰাই হোম আইছ’লেশ্যনত আছিল মহিলা গৰাকী ।
ইপিনে বুধবাৰে পুৱতি নিশা মহিলা গৰাকী উশাহ-নিশাহ লোৱাত অসুবিধা পাই মৃত্যু বৰণ কৰাৰ পিছতে বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰে বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বাগিচাৰ শ্ৰমিক সকলে ৷