ETV Bharat / state

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গোলাঘাটৰ এখন গাঁও - মিলনপুৰ গাঁও

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গোলাঘাটৰ দুই নং মিলনপুৰ গাঁও,বিদ্যুৎ সেৱাৰ বাহিৰে আন সকলো চৰকাৰী আঁচনিৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত অঞ্চলটোৰ ৰাইজ ৷ এইয়া ৰাইজৰ অভিযোগ ৷

Golaghat district milanpur village
author img

By

Published : Aug 22, 2019, 11:46 AM IST

গোলাঘাট, 22 আগষ্টঃ গোলাঘাটৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দুই নং মিলনপুৰ গাঁৱৰ পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক ৷ পথটোৰ দুৰাৱস্থাৰ বাবে অঞ্চলটোত এম্বুলেঞ্চ সোমাব নোৱাৰাৰ উপৰিও বিদ্যালয়লৈ শিক্ষক পৰ্যন্ত আহিব নোৱাৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰোপৰি বিদ্যুৎ সেৱাৰ বাহিৰে আন কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোত ৷ সেয়ে উক্ত গাঁও খনৰ প্ৰতি দৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গোলাঘাটৰ এখন গাঁও

Intro: শাওনৰ পথাৰত নহয় , গোলাঘাটৰ এটা ৰাজপথত ভূঁই ৰুলে স্থানীয় ভুক্তভোগী ৰাইজে । কাৰণ স্বাধীনতাৰ পাছত চৰকাৰৰ কোনো আচঁনিয়ে এতিয়ালৈকে ঢুকি পোৱা নাই গাওঁখন । সেইয়েহে জনতাৰ এই পন্থা । বিদ্যুৎ সেৱাৰ বাহিৰে কোনো চৰকাৰী আচনিয়ে ঢুকি নোপোৱা এই গাওঁখন হল গোলাঘাট বিধান সভা সমষ্টিৰ অধীনৰ ৰতনপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুই নং মিলনপুৰ গাওঁ । গাওঁ খনৰ মাজেৰে যোৱা তিনিটা ৰাস্তাত আজি পৰ্যন্ত এটা শিলো পেলোৱ নাই । পথৰ দুৰৱস্থাৰ বাবে দুৰ্বিসহ জীৱন কটোৱা গাওঁখনত কাৰোবাৰ বেমাৰ হলে এম্বুলেঞ্চ নোসোমাই , পথৰ দুৰৱস্থাৰ বাবে শিক্ষক আহিব নোৱাৰে বিদ্যালয়লৈ , কণ কণ ছাত্র ছাত্ৰী যোৱাটো দুৰৰে কথা । কাৰণ পথটোত এতিয়াও একাঠু বোকা । কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰত কোনো উন্নয়ন মূলক কাম নকৰিলে অঞ্চলটোৰ । ৰাইজে বিভাগৰ লগত যোগাযোগ কৰিলে কয় ৰাস্তা হৈ আছে । চৰকাৰে ইমানেই শিল পেলালে যে সকলো ৰাজহাঁহে খাই পেলালে । গাওঁখনত নাই অনাময় শৌচালয় , নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ । সেইয়ে গোলাঘাটৰ এই মিলনপুৰ গাওঁখনৰ প্ৰতি দৃষ্টি দিবলৈ বৰ্তমানৰ চৰকাৰক আহ্বান ভুক্তভোগী ৰাইজৰ । অন্যথা অসাৰ হব মোডী চৰকাৰৰ সবকা সাথ সবকা বিকাশ শ্লগান ।
Body:Byte_1_স্থানীয় ব্যক্তি
Byte_2_স্থানীয় মহিলা
Byte_3_স্থানীয় ব্যক্তি

Conclusion:গোলাঘাট পৰা চামিম আলি etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.