ETV Bharat / state

সৰপথাৰত যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে সেউজী পাম - নিবনুৱা

গোলাঘাট জিলাৰ সৰুপথাৰত 10 গৰাকী যুৱকে দেখুওৱাছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ থলুৱাৰ হাতত কৃষি আৰু বজাৰ দখল কৰাৰ স্বাৰ্থত যুৱক কেইজনে আৰম্ভ কৰিছে সেউজী পাম নামৰ এখন পাম ৷ য'ত যুৱক কেইজনে আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ শাক-পাচলি ৷

A group of youths of Golaghat sarupathar, vegetables Farmer
সৰপথাৰত যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে সেউজী পাম
author img

By

Published : Jul 31, 2020, 4:57 PM IST

সৰুপথাৰ, 31 জুলাই : কৰ'ণা মহামাৰী আৰু বানপানীয়ে ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে গোলাঘাট জিলাৰ সৰুপথাৰত 10 গৰাকী যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ থলুৱাৰ হাতত কৃষি আৰু বজাৰ দখল কৰাৰ স্বাৰ্থত যুৱক কেইজনে আৰম্ভ কৰিছে সেউজী পাম নামৰ এখন পাম ৷ য'ত যুৱক কেইজনে আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ শাক-পাচলি ৷

সৰপথাৰত যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে সেউজী পাম

গোলাঘাট জিলাৰ সৰুপথাৰৰ বাৰঘৰীয়া গাঁৱৰ ৰেংমা নদীৰ কাষৰ সাৰুৱা মাটিত বিভিন্ন ধৰণৰ শাক-পাচলি যেনে জিকা,লাও,ভেন্দি,আদিৰ খেতি কৰি তেওঁলোকে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা বুলি যুৱক কেইজনে উল্লেখ কৰে ৷ আনহাতে,তেওঁলোকে উৎপাদিত কৰা সামগ্ৰী সমূহ গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে,যিসময়ত একাংশ লোকে কেৱল চাকৰীমুখী প্ৰৱণতাৰ বাবে নিবনুৱা হৈ দিন কটাবলগীয়া হৈ আছে তেনে সময়তে যুৱক কেইজনৰ চিন্তা আৰু আদৰ্শই সমাজত যোগাত্মক প্ৰভাৱ পেলাইছে ৷

উল্লেখ্য যে,যুৱক কেইজন বৰ্তমানে পামখনৰ উপৰিও বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে ৷

লগতে পঢ়ক : গোচৰীয়াক দুৰ্ব্যবহাৰ কৰি ক্ষমা খুজিলে এগৰাকী আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.