গোৱালপাৰা, 1 ডিচেম্বৰ : গোৱালপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ বিভীষিকা । টেঙাবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা ছৰভানু বেগমৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ বনৰীয়া হাতীৰ আক্ৰমনত নিহত এগৰাকী মহিলা । নিহত মহিলাগৰাকী বুধিপাৰা জংগল ব্লক (প্ৰথম খণ্ড)ৰ জলজলি দাস ।
উল্লেখ্য যে, গোৱালপাৰাত এইবেলি খেতি চপোৱাৰ আনন্দ-উছাহত পৰিছে ম্লান । ইয়াৰ কাৰণ খাদ্যৰ সন্ধানত কাষৰীয়া মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা জাকজাক বনৰীয়া হাতী । সম্প্ৰতি আঘোণৰ সোণালী পথাৰত জাকজাক বন্যহস্তীয়ে চলোৱা উপদ্ৰৱত কৃষক ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।
বনৰীয়া হাতীৰ বৃহৎ বৃহৎ জাকে দিনে-নিশাই মাটিয়া, মৰনৈ, লক্ষীপুৰ, আগিয়া, দুধনৈ, ৰংজুলি আদি অঞ্চলৰ খেতিপথাৰ তহিলং কৰি অহাত কৃষকে অপৈনত অৱস্থাতে খেতি চপাবলগীয়া হৈছে ৷ সম্প্ৰতি শালি ধান চপোৱাৰ ভৰপক সময়তে বনৰীয়া হাতীৰ জাকে দিন-দুপৰতে জিলাখনৰ বিভিন্ন স্থানৰ খেতিপথাৰ তহিলং কৰি আছে ৷
ভয়-ভীতিৰ মাজতে দাৱনীয়ে পথাৰত ধান চপাবলগীয়া হৈছে । এনে অৱস্থাতে আজি বিয়লি দুইমান বজাত আগিয়াৰ বুধিপাৰাৰ খেতিপথাৰত ধান দাই থকা তিনিগৰাকী দাৱনীক দুটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে । উক্ত আক্ৰমণত এগৰাকী দাৱনীয়ে কৰুণ মৃত্যুক সাৱটি লয় আৰু আন দুগৰাকীৰ কথমপি প্ৰাণৰক্ষা পৰে ।
হাতীৰ আক্ৰমণত নিহত দাৱনীগৰাকীৰ ছিন্ন-ভিন্ন মৃতদেহ ধাননি পথাৰৰ মাজত উদ্ধাৰ কৰা হয় । নিহত দাৱনী মহিলাগৰাকীক বুধিপাৰাৰ জংঘল ব্লক(প্ৰথম খণ্ড)ৰ দুৰ্গা দাসৰ পত্নী জলজলি দাস (৪০) বুলি চিনাক্ত কৰা হৈছে । স্থানীয় ৰাইজে ঘটনাৰ খবৰ দিয়াৰ পাচতো পলমকৈ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে ।
আগিয়া আৰক্ষী থানাৰ সহযোগত গোৱালপাৰা আঞ্চলিক বনকৰ্মীৰ বনপালক নজৰুল ইছলামৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দলে মৃতদেহটো ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে দুৰ্গা দাসৰ পত্নী জলজলি দাসে বিগত কেইবাবছৰ ধৰি বুধিপাৰাৰ অতিথি ধাবাৰ সন্মুখৰ খেতিপথাৰ আধি লৈ শালিখেতি কৰি কোনোমতে বছৰৰ ভাতমুঠি যোগাৰ কৰি আহিছিল ।
বনৰীয়া হাতীয়ে খেতিপথাৰ তহিলং কৰি থকা বাবে আজি গাঁৱৰ দুগৰাকী মহিলাক লগত লৈ হাতীয়ে তহিলং কৰাৰ পূৰ্বে চপাই আছিল ধানখিনি । এনে অৱস্থাত বিয়লি দুইমান বজাত লগত নিয়া জলফাই টেঙা খাবলৈ জিৰণি ল'বলৈ খোজা সময়তে কাষৰ বনাঞ্চলৰ পৰা ওলাই থকা দুটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে দাৱনী তিনিগৰাকীক ।
পৰিণতিত কৰুণ মৃত্যুক সাৱটে মহিলাগৰাকীয়ে । উল্লেখ্য যে জিলাখনত চলিত বছৰটোৰ এঘাৰ মাহত বনৰীয়া হাতীৰ আক্ৰমণত নিহতৰ সংখ্যা ১৪ গৰাকীলৈ বৃদ্ধি হৈছে ।
লগতে পঢ়ক : গোলাঘাটত হাতী খেদিবলৈ শকতি নাই বনবিভাগৰ, ৰাইজেই কান্ধপাতি ল’লে দায়িত্ব